এইবাৰ ৰাছিয়াৰ মাতৃসমাজক কাতৰ আহ্বান জেলেনস্কিৰ, ক’লে…
বিশেষ বাৰ্তা, ১২ মাৰ্চঃ যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’লডিমিৰ জেলেনস্কিয়ে ৰাছিয়াৰ আগ্ৰাসন বন্ধ কৰিবলৈ পাৰ্যমানে চেষ্টা কৰিল গৈছে। বন্ধু ৰাষ্ট্ৰৰ সহায় বিচৰাৰ সমান্তৰালকৈ শত্ৰু ৰাষ্ট্ৰৰ পৰাও বিচাৰিছে কৰুণা। ৰাছিয়াই কিয়েভ দখল কৰিবলৈ অধিক শক্তিশালী হোৱাৰ সময়ত জেলেনস্কিৰ কাতৰ আহ্বান ৰাছিয়াৰ মাতৃসমাজলৈ। ৰুছ সৈনিকৰ মাকসকলক উদ্দেশ্যি জেলেনস্কিয়ে দিলে ভিডিঅ’ বাৰ্তা। তেওঁ প্ৰতিগৰাকী মাকক আহ্বান জনালে যাতে তেওঁলোকে নিজৰ পুত্ৰক ইউক্ৰেইন দখল কৰিবলৈ আহিবলৈ নিদিয়ে, তেওঁলোক নিজৰ পুত্ৰৰ সম্মুখত বাধা হৈ ঠিয় দিয়ক। বিশেষকৈ যিসকলক জোৰকৈ যুদ্ধত নিয়োজিত কৰা হৈছে, তেনে সৈনিকৰ মাকসকলে ক্ষন্তেকো ৰৈ নাথাকি যাতে শীঘ্ৰে মাতে তাৰে আৱেদন কৰিছে ইউক্ৰেইনী ৰাষ্ট্ৰপতিগৰাকীয়ে।