“কংগ্ৰেছ নেতা”ৰ পিয়নে দলৰ বিষয়ে জ্ঞান দিয়াটো হাস্যকৰঃ কংগ্ৰেছী সাংসদ মনিষ তিৱাৰী
বিশেষ বাৰ্তা, ২৭ আগষ্টঃ গোলাম নবী আজাদৰ সমৰ্থনত কংগ্ৰেছ সাংসদ মনীষ তিৱাৰীয়ে বক্তব্য আগবঢ়াইছে। তেওঁ কয়, “কংগ্ৰেছক কাৰো পৰা প্ৰমাণ পত্ৰৰ প্ৰয়োজন নাই। মই কংগ্ৰেছ দলক ৪২ বছৰ দিলোঁ। মই এই দলৰ ভাড়াতীয়া নহয়, সদস্যহে।” তিৱাৰীয়ে আৰু কয় যে গোলাম নবী আজাদৰ পদত্যাগক লৈ তেওঁ ভাল বেয়া একো নকয়। তেওঁ নিজৰ ধৰণে বুজাবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল। কংগ্ৰেছ নেতাৰ পিয়নসকলে দলৰ বিষয়ে জ্ঞান দিলে হাস্যকৰ। হিমালয়ৰ শিখৰৰ ফালে বাস কৰা উত্তৰ ভাৰতৰ লোকসকল আৱেগিক, স্বাৱলম্বী লোক। তিৱাৰীয়ে কয়, দুবছৰ পূৰ্বে কংগ্ৰেছৰ ২৩ জন নেতাই ছোনিয়া গান্ধীলৈ এখন পত্ৰ লিখি দলৰ পৰিস্থিতি উদ্বেগজনক বুলি কৈছিল। ইয়াক গুৰুত্বসহকাৰে লোৱা উচিত। সেই পত্ৰৰ পিছত কংগ্ৰেছ সকলো বিধানসভা নিৰ্বাচনত পৰাস্ত হৈছিল। ইফালে আজাদৰ পদত্যাগক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে শচীন পাইলটে। তেওঁ কয় যে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গোলাম নবী আজাদে দলৰ সকলো পদৰ পৰা পদত্যাগ কৰিছে। পদত্যাগৰ পিছত এতিয়া মনীষ তিৱাৰীক সমৰ্থন কৰিছে কংগ্ৰেছ সাংসদগৰাকীয়ে। ইয়াৰ পূৰ্বেও কংগ্ৰেছকে ধৰি বহু দলৰ নেতাই এই বিষয়ত বক্তব্য আগবঢ়াই আহিছে। কংগ্ৰেছ নেতা তথা ৰাজস্থানৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী শচীন পাইলটে কয় যে পদত্যাগ কৰাৰ সময় আৰু পত্ৰখন অতি দুৰ্ভাগ্যজনক। দেশ আৰু কংগ্ৰেছ দুয়োটাকে তেওঁৰ প্ৰয়োজন আছিল। আনহাতে পদত্যাগৰ পিছত পোৱা তথ্য অনুসৰি গোলাম নবী আজাদে নতুন দল গঠন কৰিব। এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গোলাম নবী আজাদে কয় যে তেওঁ জাতীয় দল গঠনৰ বাবে খৰখেদা কৰা নাই কিন্তু জম্মু-কাশ্মীৰত নিৰ্বাচনৰ সম্ভাৱনাৰ কথা মনত ৰাখি তেওঁ তাত শীঘ্ৰেই এটা ইউনিট গঠন কৰাৰ সিদ্ধান্ত লয়।