ছত্তিশগড়ত নিৰাপত্তা বাহিনী-নক্সালবাদীৰ মাজত সংঘৰ্ষ, ১৬ নক্সালবাদী নিহত, ২ জোৱান আহত
নিউজ ডেস্ক, ২৯ মাৰ্চঃ ছত্তিশগড়ৰ চুকমা-দান্তেৱাড়া সীমান্তৰ উপমপল্লী কেৰালাপাল অঞ্চলৰ বনাঞ্চলত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত ১৬জন নক্সালবাদী নিহত হোৱাৰ খবৰ আহিছে। নিৰাপত্তা বাহিনীয়ে চুকমাৰ বনাঞ্চলৰ পৰা উদ্ধাৰ কৰিছে নক্সালবাদীৰ মৃতদেহ। এই এনকাউণ্টাৰত দুজন জোৱানো সামান্য আঘাতপ্ৰাপ্ত হয়।
চুকমা-দান্তেৱাড়া সীমান্তৰ উপমপল্লী কেৰালাপাল অঞ্চলৰ অৰণ্যত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা এক মুখামুখিত ১৬জন নক্সালবাদী নিহত হৈছে। ইফালে চুকমা-দান্তেৱাড়া সীমান্তৰ উপমপল্লী কেৰালাপাল অঞ্চলৰ অৰণ্যত এতিয়াও গুলীচালনা চলি আছে।
পুৱাৰে পৰা নক্সাল আৰু নিৰাপত্তা বাহিনীৰ মাজত মাজে মাজে গুলীচালনা চলি আছে। সম্প্ৰতি নিৰাপত্তা বাহিনীয়ে এনকাউণ্টাৰ স্থান আৰু ইয়াৰ আশে-পাশে থকা বনাঞ্চলসমূহৰ সম্পূৰ্ণ অনুসন্ধান অব্যাহত ৰাখিছে।
ছত্তিশগড়ৰ বাষ্টাৰ অঞ্চলৰ অন্যতম ক্ষতিগ্ৰস্ত জিলা চুকমা, য’ত ইয়াৰ পূৰ্বেও বহু নক্সালবাদী আক্ৰমণ সংঘটিত হৈছে। ইয়াৰ পূৰ্বে শুকুৰবাৰে ছত্তিশগড়ৰ নাৰায়ণপুৰ জিলাত নক্সালবাদীয়ে স্থাপন কৰা ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ (আই ই ডি) বিস্ফোৰণৰ ফলত এজন জোৱান আহত হোৱাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
বৃহৎ পৰিমাণৰ মাৰাত্মক অস্ত্ৰ উদ্ধাৰ নিৰাপত্তা বাহিনীৰ। এনকাউণ্টাৰ স্থানৰ পৰা বৃহৎ পৰিমাণৰ এ কে ৪৭, এছ এল আৰ, ইনছাছ ৰাইফল, .৩০৩ ৰাইফল, ৰকেট লঞ্চাৰ, বি জি এল লঞ্চাৰ অস্ত্ৰ আৰু অন্যান্য বিস্ফোৰক সামগ্ৰী জব্দ কৰিছে।