নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৬ যমজ শিশুৰ ছবিৰে ছ’চিয়েল মিডিয়াত ভাইৰেল বিদ্যালয়

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ মে’ : ঠিক যেন ঘৰভর্তি আইনা এখন প্রাথমিক বিদ্যালয়ৰ ৮ কণ কণ শিক্ষার্থীক আন আঠ শিক্ষার্থীৰ দৰে দেখিবলৈ পোৱা যায়৷ কিদৰে সম্ভৱ? মেজিক নেকি? আচলতে ইয়াৰ মাজত কোনো যাদু নাই৷ তথাপি মিজোৰামৰ আইজল চহৰৰ এখন প্রাথমিক বিদ্যালয় আজি আকর্ষণৰ কেন্দ্রবিন্দু৷ এই বিদ্যালয়খনৰ ১৬ শিক্ষার্থীৰ ছবি ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত৷ আইজলৰ এই স্কুলখনৰ নাম কলেজ ভেং প্রাথমিক স্কুল৷ চলিত বছৰত এই বিদ্যালয়খনত আশ্চর্যজনক ঘটনা ঘটিছে৷ স্কুলত ভর্তি হৈছে এযোৰ বা দুযোৰ নহয়, একেলগে আঠযোৰা যমজ শিক্ষার্থী৷ তেওঁলোকৰ মাজত যমজ ভাতৃ, যমজ ভগ্নী, যমজ ভাতৃ–ভগ্নী সকলো আছে৷ স্কুলৰ প্রধান শিক্ষক এইচ লালভেনটুলুংগাই উল্লেখ কৰা অনুসৰি যমজ শিক্ষার্থী পূর্বেও আছিল বিদ্যালয়খনত৷ কিন্তু এইবাৰ সর্বাধিক ১৬টা যমজ শিশুৱে বিদ্যালয়খনত নামভর্তি কৰিছে৷ সকলোৱেই প্রথম অথবা দ্বিতীয় শ্রেণীৰ শিক্ষার্থী৷ লালভেনটুলুংগাই উল্লেখ কৰা অনুসৰি যোৱা বছৰ ৪ যোৰা যমজ শিক্ষার্থী ভর্তি হৈছিল বিদ্যালয়খনত৷ এইবাৰ সেয়া দুগুণলৈ বৃদ্ধি পাইছে৷ ভর্তি প্রক্রিয়াৰ পাছত আঠ যোৰা যমজ শিশুক শাৰীবদ্ধভাৱে বিদ্যালয়ৰ বাৰাণ্ডাত থিয় কৰাই ছবি তোলা হৈছিল৷ শিক্ষকসকলৰ সৈতেও পৃথকে এখন ছবি তোলা হয়৷ এই দুয়োখন ছবি ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত৷ একেলগে ইমান যমজ শিশুক দেখি অবাক হৈ পৰিছে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকল৷ বহুতেই এয়া এক ঘৰভর্তি আইনা বুলি অভিহিত কৰিছে৷ দুই–এজনে ‘আর্ছিনগৰ’ বুলি মন্তব্য আগবঢ়াইছে৷

You might also like