নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকসভা নির্বাচনত প্রতিদ্বন্দ্বিতা দৰিদ্রতম প্রার্থী ৰণধীৰ সিঙৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ মে’ : লোকসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা প্রার্থীসকলৰ মাজত সম্পদৰ বৃহৎ অসমতা দেখিবলৈ পোৱা গৈছে৷ ষষ্ঠ পর্যায়ত প্রতিদ্বন্দ্বিতা কৰা প্রার্থীসকলৰ ভিতৰত আটাইতকৈ ধনী হৈছে বিজেপি নেতা তথা উদ্যোগপতি নবীন জিন্দাল৷ জিন্দালৰ সম্পত্তিৰ পৰিমাণ ১,২৪১ কোটি টকা৷ আনফালে, আটাইতকৈ দৰিদ্র প্রার্থীগৰাকীৰ নাম হৈছে মাষ্টাৰ ৰণধীৰ সিং৷ ৰণধীৰ সিঙৰ সম্পত্তি মাত্র ২ টকা৷ ষষ্ঠ পর্যায়ত প্রতিদ্বন্দ্বিতা কৰা প্রার্থীসকলৰ ভিতৰত দৰিদ্রতম ৰণধীৰ সিঙে হাৰিয়ানাৰ ৰোহটক সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা কৰিছে৷ নির্দলীয় প্রার্থী হিচাপে প্রতিদ্বন্দ্বিতাত নামিছে ৰণধীৰ সিং৷ ইয়াৰ পাছতে তালিকাত নাম আছে ৰামকুমাৰ যাদৱৰ৷ উত্তৰ প্রদেশৰ প্রতাপগড়ৰ এছইউচিআইৰ প্রার্থী ৰামকুমাৰৰ সম্পত্তিৰ পৰিমাণ ১,০০০ টকা৷ ইফালে, উত্তৰ–পশ্চিম দিল্লীৰ বহুজন সমাজ সংঘর্ষ সমতা পার্টীৰ প্রার্থী খিলখিলাকৰৰ সম্পত্তিৰ পৰিমাণ হৈছে ২,০০০ টকা৷ শপতনামাত এই কথা ঘোষণা কৰিছে প্রার্থীগৰাকীয়ে৷

You might also like