নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাৰত খহিল ১,৭০০ কোটিটকীয়া দলং

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ আগষ্টঃ বিহাৰৰ আগুৱানি–চুলতানগঞ্জ দলঙৰ এটা অংশ খহি পৰে৷ ১,৭০০ কোটি টকা ব্যয়েৰে নির্মাণ কৰি থকা এই দলংখনৰ এটা অংশ হঠাতে খহি পৰে৷ এই ঘটনাত কোনো লোক হতাহত হোৱা নাই৷ তথ্যমতে ৯নং খুঁটা আৰু ১০নং খুঁটাৰ মাজৰ অংশটো খহি পৰে৷ বিগত ৯ বছৰ ধৰি গংগা নদীৰ ওপৰত ৩.১ কিলোমিটাৰ দৈর্ঘ্যৰ এই দলংখনৰ নির্মাণকার্য চলি আছে৷ খহি পৰাৰ পূর্বে ২০২২ চনৰ ২৭ এপ্রিল আৰু ২০২৩ চনৰ ৪ জুনত দলংখনৰ দুটা অংশ খহি পৰিছিল৷ লক্ষণীয় যে বিহাৰত চলিত বর্ষৰ ১৭ জুনৰ পৰা এতিয়ালৈকে দলং খহি পৰা ১২টা ঘটনা সংঘটিত হৈছে৷ নীতিশ কুমাৰ চৰকাৰৰ ধ্বজাবাহী দলংখন বিগত ৯ বছৰে সম্পূর্ণ কৰিব নোৱাৰাৰ বাবে ব্যাপক চর্চাৰ সন্মুখীন হৈছে চৰকাৰখন৷

You might also like