৫টা কুকুৰ পোৱালিক জীৱন্তে জ্বলালে ২ ভগ্নীয়ে
নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ নৱেম্বৰঃ সাধাৰণতে অতি নৃশংস ঘটনাৰ ক্ষেত্রত ‘পাশৱিক’ শব্দটো ব্যৱহৃত হয়৷ কিন্তু উত্তৰ প্রদেশৰ মীৰাট এনে অমানৱীয় ঘটনাৰ সাক্ষী হ’ল যে যাক বুজাবলৈ পাশৱিক শব্দটো সঠিক নহয়৷ পশুৰ মাজতো এনে নিষ্ঠূৰতা কেতিয়াও দেখিবলৈ পোৱা নাযায়৷ বেছি চিঞৰি থকাৰ ‘অপৰাধ’ত ৫টাকৈ কুকুৰৰ পোৱালিক জীৱন্তে জ্বলাই মৰাৰ অভিযোগ উঠিল দুই মহিলাৰ বিৰুদ্ধে৷ ঘটনাটো যোৱা ৫ নৱেম্বৰৰ৷ স্থানীয় লোকসকলে দাবী কৰা অনুসৰি ২ অভিযুক্ত মহিলাৰ নাম শোভা আৰু আৰতি৷ সম্পর্কত দুয়ো সতীয়া ভগ্নী। কুকুৰৰ পোৱালিকেইটাৰ চিক্কাৰত দুয়োজনী ভগ্নী বিৰক্ত হৈ পৰিছিল৷ ইয়াৰ পিছতেই এই ৫টা কুকুৰৰ পোৱালিৰ গাত পেট্র’ল ঢ়ালি জুই জ্বলাই দুয়ো ভগ্নীয়ে৷ স্থানীয় লোকসকলে এই ঘটনাৰ প্রতিবাদ কৰাৰ ওলোটাকৈ দুয়োজনী ভগ্নীয়ে প্রতিবাদকাৰী লোকসকলক গালি–শপনি দিছে৷ স্থানীয় লোকসকলে আৰক্ষীক অভিযোগ দিয়াৰ পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় যদিও এই বাতৰি যুগুতোৱা পৰলৈ কাকো গ্রেপ্তাৰ কৰা হোৱা নাই৷