নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভয়ানক : মহাৰাষ্ট্রত পাঁচ মাহত ৪৬১ কৃষকৰ আত্মহত্যা

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৬ জুনঃ কৃষকসকলৰ স্বার্থ ৰক্ষাৰ বাবে চৰকাৰে যিমানেই মনপৰশা প্রতিশ্রুতি নিদিয়ক কিয়, বাস্তৱিকতে দেশৰ অন্নদাতাসকলৰ অৱস্থা ভাল নহয়৷ প্রতিবেদনত প্রকাশ পোৱা অনুসৰি বিভিন্ন সমস্যাত জর্জৰিত কৃষকসকলে আত্মহত্যাৰ পথ বিচাৰি ল’বলগীয়া হৈছে৷ দেশজুৰি বৃদ্ধি পাইছে কৃষকৰ আত্মহত্যাৰ ঘটনা৷ ইয়াৰ ভিতৰত আটাইতকৈ শোচনীয় অৱস্থা দেখিবলৈ পোৱা গৈছে মহাৰাষ্ট্রত৷ চৰকাৰী পৰিসংখ্যা অনুসৰি মহাৰাষ্ট্রৰ পশ্চিম বিদর্ভ অঞ্চলত বিগত পাঁচ মাহত আত্মহত্যা কৰিছে ৪৬১গৰাকী কৃষকে৷ ইয়াৰ লগতে অমৰাৱতী জিলাত পাঁচ মাহত আত্মহত্যা করিছে ১৪৩জন কৃষকে৷ মহাৰাষ্ট্রৰ চৰকাৰী প্রতিবেদনত প্রকাশ পাইছে এই তথ্য৷ লক্ষণীয়ভাৱে আকোলা জিলাত ৮২, যৱনমালত ১৩২, বুলডানাত ৮৩ আৰু ৱাছিম জিলাত বিগত পাঁচ মাহত ২১জন কৃষকে আত্মহত্যা কৰিছে৷ মূলতঃ প্রাকৃতিক দুর্যোগ আৰু আবতৰীয়া বৰষুণ তথা ফচল উৎপাদনৰ ক্ষেত্রত সৃষ্টি হোৱা বিভিন্ন বাধাৰ বাবে কৃষকসকলে আত্মহত্যাৰ পথ বাছি ল’বলগীয়া হৈছে৷

You might also like