নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰতন টাটাৰ উইলত জামছেদপুৰৰ ব্যৱসায়ীক ৫০০ কোটি

নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ ফেব্ৰুৱাৰীঃ যোৱা বছৰৰ ৯ অক্টোবৰ আছিল ভাৰতৰ উদ্যোগ জগতৰ নক্ষত্র পতনৰ দিন৷ ৮৭ বছৰ বয়সত সেইদিনাখন দেহাৱসান ঘটিছিল উদ্যোগপতি ৰতন টাটাৰ৷ ইয়াৰ পিছতে ৰতন টাটাৰ ব্যক্তিগত সম্পত্তিৰ গৰাকী কোন হ’ব, তাক লৈ সাধাৰণ লোকৰ মাজত সৃষ্টি হয় কৌতূহল৷ টাটা সাম্রাজ্যৰ সম্পদৰ গৰাকী হ’ব পৰাকৈ কোনো সন্তান বা উত্তৰাধিকাৰী নাছিল৷ গতিকে, ৰতন টাটাৰ মৃত্যুৰ পিছত উদ্যোগপতিগৰাকীৰ সম্পত্তিৰ কি হ’ব, তাক লৈ আৰম্ভ হয় চর্চা৷ সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি, মৃত্যুৰ পূর্বেই বিশাল সম্পত্তিৰ উইল কৰি গৈছে উদ্যোগপতিগৰাকীয়ে৷ সেই উইল বা ইচ্ছাপত্র কার্যকৰী কৰাৰ গুৰুদায়িত্ব অর্পণ কৰি গৈছিল কেইগৰাকীমান ঘনিষ্ঠ ব্যক্তিক৷ ৰতন টাটাৰ ইচ্ছাপত্র পোহৰলৈ অহাৰ পিছত দেখিবলৈ পোৱা যায় যে পোহনীয়া কুকুৰটোৰ পৰা ৰান্ধনীলৈকে কাকো বঞ্চিত কৰা নাই উদ্যোগপতিগৰাকীয়ে৷ আনকি জনহিতকৰ কামৰ বাবেও ধন ৰাখি থৈ গৈছে উদ্যোগপতিগৰাকীয়ে৷ কিন্তু শেহতীয়াকৈ ৰতন টাটাৰ ইচ্ছাপত্রৰ পৰা এনে এটা নাম পোহৰলৈ আহিছে, যাৰ বাবে ধাৰণা কৰা হৈছে যে উদ্যোগপতিৰ সম্পত্তিৰ বিতৰণক লৈ সৃষ্টি হ’ব পাৰে মতানৈক্য৷ সেই নামটো হৈছে মোহিনীমোহন দত্ত৷ জামছেদপুৰৰ ব্যৱসায়ী মোহিনীমোহন দত্ত টাটা গোষ্ঠীৰ প্রাক্তন কর্মী তথা ৰতন টাটাৰ আছিল অতি আস্থাভাজন৷ ‘দ্য ইকোনমিক টাইমছ’ৰ প্রতিবেদন অনুসৰি, জামছেদপুৰৰ এই ব্যৱসায়ীৰ নামত ৫০০ কোটি টকা ৰাখি গৈছে ৰতন টাটাই৷ এই বিষয়টোক লৈ উদ্যোগপতিগৰাকীৰ অতি ঘনিষ্ঠ লোকসকল বিস্মিত হৈ পৰিছে৷ প্রতিবেদন অনুসৰি ৰতন টাটাৰ উইল কার্যকৰী কৰাৰ দায়িত্বত থকা লোকসকলেও এই বিষয়টো দেখাৰ লগে লগে আশ্চর্য প্রকাশ কৰিছে৷ উইল অনুসৰি ৭৪ বছৰীয়া মোহিনীমোহন দত্তই ৰতন টাটাৰ অৱশিষ্ট সম্পত্তিৰ এক তৃতীয়াংশ পাব৷ ইয়াৰ ভিতৰত আছে বেংকত জমা থকা ৩৫০ কোটিৰো অধিক টকা৷ লগতে ৰতন টাটাৰ ব্যক্তিগত সংগ্রহত থকা ছবি আৰু ঘড়ী বিক্রীৰ আয়৷

You might also like