দুৰ্ঘটনাগ্ৰস্ত বিমান-ত আছিল ৫৩ ব্ৰিটিছ, ৭ পৰ্তুগীজ, ১ কানাডিয়ান নাগৰিক, ঘটনাস্থলীলৈ মোদী-শ্বাহ
তথ্য অনুসৰি বিমানখন বিমানবন্দৰৰ দেৱাল আৰু এয়াৰ কাষ্টম কাৰ্গো অফিচৰ ওচৰত দুৰ্ঘটনাগ্ৰস্ত হয়। বিমানখন পৰি যোৱাৰ লগে লগে সমগ্ৰ অঞ্চলটোত দেখা গ’ল ধোঁৱাৰ ডাৱৰ।
দুৰ্ঘটনাগ্ৰস্ত বিমান ৫৩ ব্ৰিটিছ, ৭ পৰ্তুগীজ, ১ কানাডিয়ান নাগৰিক, ঘটনাস্থলী মোদী-শ্বাহ
নিউজ ডেস্ক, ১২ জুন : আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হৈছে এয়াৰ ইণ্ডিয়াৰ বয়িং ৭৮৭ ড্ৰিমলাইনাৰ বিমান। গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীকে ধৰি ২৪২জন যাত্ৰী বিমানখনত আছিল। যাত্ৰীসকলৰ ভিতৰত আছিল ৫২জন ব্ৰিটিছ আৰু ৬জন পৰ্তুগীজ নাগৰিক।
এয়াৰ ইণ্ডিয়াৰ বিমান নম্বৰ এআই-১৭১ দিনৰ ১.৩৮ বজাত উৰা মাৰিছিল। দুপৰীয়া ১.৪০ বজাত দুৰ্ঘটনাগ্ৰস্ত হয়। তথ্য অনুসৰি বিমানখন বিমানবন্দৰৰ দেৱাল আৰু এয়াৰ কাষ্টম কাৰ্গো অফিচৰ ওচৰত দুৰ্ঘটনাগ্ৰস্ত হয়। বিমানখন পৰি যোৱাৰ লগে লগে সমগ্ৰ অঞ্চলটোত দেখা গ’ল ধোঁৱাৰ ডাৱৰ।
“Hon’ble PM Shri @narendramodi ji has spoken to Hon’ble CM Shri Bhupendra Patel ji to take the note of the ongoing rescue operations and provide necessary guidance to ensure swift and effective relief efforts,” posts Gujarat Minister Harsh Sanghavi (@sanghaviharsh). pic.twitter.com/M580oQDvV9
— Press Trust of India (@PTI_News) June 12, 2025
দিল্লীৰ পৰা আহমেদাবাদলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী মোডী আৰু শ্বাহ
ইফালে ঘটনাৰ পিছতে দিল্লীৰ পৰা আহমেদাবাদলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী মোদী আৰু অমিত শ্বাহ। বিমান মন্ত্ৰী ৰাম মোহন নাইডুও তেওঁলোকৰ লগত আছে।
পাইলটজনৰ ৮২০০ ঘণ্টাৰ উৰণৰ অভিজ্ঞতা আছিল
বিমানখনৰ কেপ্টেইন আছিল সুমিত সভাৰৱাল। তেওঁৰ সৈতে আছিল প্ৰথম বিষয়া ক্লাইভ কুণ্ডাৰ। কেপ্টেইন সুমিত সভাৰৱাল এলটিচি আছিল। তেওঁৰ আছিল ৮২০০ ঘণ্টাৰ উৰণৰ অভিজ্ঞতা। সহ-পাইলটৰ ১১০০ ঘণ্টাৰ উৰণৰ অভিজ্ঞতা আছিল। এলটিচি মানে লাইন ট্ৰেইনিং কেপ্টেইন। এইসকল অভিজ্ঞ পাইলট যিয়ে আন পাইলটক প্ৰশিক্ষণ দিয়ে।
VIDEO | Ahmedabad Plane Crash: Firefighting teams at the spot making efforts to put out the fire. Rescue operations underway.
Air India flight AI-171 from Ahmedabad to London, Gatwick, on Thursday, was involved in a crash shortly after takeoff, outside the airport.
(Full video… pic.twitter.com/ZAoYdWiRYo
— Press Trust of India (@PTI_News) June 12, 2025
আহতসকলক চিকিৎসালয়লৈ নিবলৈ সৃষ্টি গ্ৰীন কৰিডৰ
আহমেদাবাদৰ এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাস্থলীত উদ্ধাৰ আৰু সাহায্য অভিযান চলি আছে। আহত যাত্ৰীসকলক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নিয়াৰ বাবে এটা গ্ৰীন কৰিডৰ সৃষ্টি কৰা হৈছে।
বিমানখনৰ সংঘৰ্ষ হোৱা অট্টালিকাটোত আছিল চিকিৎসক
বিমানখনৰ সংঘৰ্ষ হোৱা অট্টালিকাটোত আছিল আহমেদাবাদ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক। তথ্য অনুসৰি আহত হৈছে ১৫জন চিকিৎসক।
চুৰাট আৰু বদোদৰাৰ পৰা প্ৰেৰণ সাহায্য দল
দুৰ্ঘটনাটোৰ পিছত আহমেদাবাদ আৰু বদোদৰাৰ পৰা ২৫খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহমেদাবাদলৈ প্ৰেৰণ কৰা হৈছে। ছুৰাটৰ পৰা আহমেদাবাদলৈও প্ৰেৰণ কৰা হৈছে সাহায্য আৰু উদ্ধাৰকাৰী দল।
বিমানৰ ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ হৈছে ৫০টা মৃতদেহ
তথ্য অনুসৰি বিমানখনৰ ধ্বংসাৱশেষৰ পৰা এইপৰ্যন্ত ৫০টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। সাহায্য আৰু উদ্ধাৰ কৰ্মীয়ে জুই নিৰ্বাপনৰ লগতে ধ্বংসাৱশেষত আহত আৰু মৃতদেহ বিচাৰি ফুৰিছে।
কাৰিকৰী দোষৰ বাবে দুৰ্ঘটনা
প্ৰাৰম্ভিক খবৰ অনুসৰি বিমানখনৰ ইঞ্জিনৰ কাৰিকৰী বিজুতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে বিশেষ তথ্য পোৱা হোৱা নাই।