এগৰাকী মুখ্যমন্ত্ৰীও আছিল অভিশপ্ত বিমানৰ যাত্ৰী, ৫০ এম্বুলেঞ্চৰ অহৰহ উদ্ধাৰাভিযান
বিমানবন্দৰৰ ওচৰৰ কাৰ্গো অফিচত সংঘটিত হৈছে এই দুৰ্ঘটনা, যাৰ বাবে অট্টালিকাটোও সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে।
এগৰাকী মুখ্যমন্ত্ৰীও আছিল অভিশপ্ত বিমানৰ যাত্ৰী, ৫০ এম্বুলেঞ্চ অহৰহ উদ্ধাৰাভিযান
নিউজ ডেস্ক, ১২ জুন : গুজৰাটৰ আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হয় এয়াৰ ইণ্ডিয়াৰ যাত্ৰীবাহী বিমান AI-171। বিমানখনত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীও আছিল। আশংকা কৰা হৈছে যে ২৪২জন লোকে প্ৰাণ হেৰুৱাইছে।
VIDEO | Air India plane crash: Bodies being brought in to Ahmedabad Civil Hospital.
(Source: Third Party)
(Disclaimer: Disturbing visuals. Viewers discretion advised.)#crash
(Full video available on PTI Videos – https://t.co/n147TvrpG7) pic.twitter.com/WdDgk4Rl0k
— Press Trust of India (@PTI_News) June 12, 2025
এই এয়াৰ ইণ্ডিয়াৰ বিমানখন লণ্ডনলৈ গৈ আছিল, যেতিয়া উৰণৰ সময়ত বিমানবন্দৰৰ ওচৰত দুৰ্ঘটনাগ্ৰস্ত হৈছিল। ১:১৭ বজাত উৰা মাৰিলে বিমানখন। বিমানবন্দৰৰ ওচৰৰ কাৰ্গো অফিচত সংঘটিত হৈছে এই দুৰ্ঘটনা, যাৰ বাবে অট্টালিকাটোও সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে।
বিজয় ৰূপানীৰ পৰিয়াল লণ্ডনত থাকে
জানিব পৰা গৈছে যে এই বিমানখনত বিজয় ৰূপানীয়ে বিজনেছ ক্লাছত যাত্ৰা কৰিছিল। পৰিয়ালক লগ কৰিবলৈ লণ্ডনলৈ গৈ আছিল। পত্নী আৰু কন্যাকে ধৰি বহু আত্মীয় লণ্ডনত থাকে, যাক তেওঁ লগ কৰিবলৈ ওলাইছিল।
বিজয় ৰূপানী ২০১৬ চনৰ পৰা ২০২১ চনলৈ মুখ্যমন্ত্ৰী আছিল
২০১৬ চনৰ পৰা ২০২১ চনলৈ গুজৰাটৰ মুখ্যমন্ত্রী আছিল বিজয় ৰূপানী। আনন্দীবেন পেটেলৰ পাছত ২০১৬ চনৰ ৭ আগষ্টত বিজয় ৰূপানীই মুখ্যমন্ত্রী হিচাপে শপত গ্ৰহণ কৰিছিল। ইয়াৰ পাছত ২০১৭ চনৰ গুজৰাট বিধানসভাৰ নির্বাচনত তেওঁ ৰাজকোট পশ্চিম আসনত জয় অক্ষুণ্ণ ৰাখি মুখ্যমন্ত্রী পদত থাকে৷ ২০২১ চনৰ অক্টোবৰ মাহত তেওঁ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে, তাৰ পিছত ভূপেন্দ্ৰ পেটেল মুখ্যমন্ত্ৰী হয়।
VIDEO | Air India Plane Crash: Ambulance carrying injured reaches hospital in Ahmedabad.
A London-bound Air India plane carrying 242 passengers and crew crashed moments after taking off from the Ahmedabad airport on Thursday afternoon. Several casualties were feared. pic.twitter.com/ayhkhULGuS
— Press Trust of India (@PTI_News) June 12, 2025
পাইলটকে ধৰি ১০জন ক্ৰু মেম্বাৰ
এই পৰ্যন্ত লাভ কৰা তথ্য অনুসৰি বিমানখনত থকা ২৪২জন লোকৰ ভিতৰত দুজন পাইলট আৰু ২টা শিশুকে ধৰি ৮জন ক্ৰু মেম্বাৰ আছে। বিমানখনৰ পাইলটৰ নাম সুমিত সভাৰৱাল বুলি কোৱা হৈছে।
অমিত শ্বাহে সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই মৰ্মান্তিক দুৰ্ঘটনাত সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস দিছে। বিমানবন্দৰৰ সমীপতে এখন অসামৰিক চিকিৎসালয়, য’ত সকলো চিকিৎসকৰ ছুটী বাতিল কৰা হৈছে। আটাইকেইজন আহত লোকক, যি অৱস্থাতেই নাথাকক কিয়, ততাতৈয়াকৈ এম্বুলেন্সৰ জৰিয়তে চিকিৎসালয়লৈ লৈ যোৱা হৈছে।
বিমানখন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে। উৰণখন টুকুৰা টুকুৰকৈ উৰুৱাই দিয়া হৈছে। ধ্বংসাৱশেষৰ তলৰ পৰা মানুহ উলিয়াই আনি চিকিৎসালয়লৈ লৈ যোৱা হৈছে। ইয়াৰ বাবে কমেও ৫০খন এম্বুলেন্সে কাম কৰি আছে।
#WATCH | Debris at Air India plane crash site in Ahmedabad; Fire Services and other agencies present at the site pic.twitter.com/z9XsemwDnx
— ANI (@ANI) June 12, 2025