ছানফ্ৰান্সিস্কোৰ পৰা মুম্বাই অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানত কাৰিকৰী বিজুতি
AIR INDIAৰ বিমানত বিজুতি। কলকাতাত ছানফ্ৰান্সিস্কোৰ পৰা মুম্বাই অভিমুখী AI 180 বিমানৰ ইঞ্জিনত ধৰা পৰে বিজুতি। সুকলমে বিমানৰ পৰা নমাই অনা হয় যাত্ৰীসকলক, ২০০ৰো অধিক যাত্ৰী আছিল বিমানখনত।
ছানফ্ৰান্সিস্কোৰ পৰা মুম্বাই অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানত কাৰিকৰী বিজুতি
নিউজ ডেস্ক, ১৭ জুন : ছান ফ্ৰান্সিস্কোৰ পৰা কলকাতা হৈ মুম্বাইলৈ অহা এয়াৰ ইণ্ডিয়াৰ বিমানত আজি পুৱা কাৰিকৰী বিজুতি ঘটে। ইয়াৰ বাবেই যাত্ৰীসকলে কলকাতাত নিৰ্ধাৰিত ষ্টপঅভাৰৰ সময়ত নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিমানখনৰ পৰা নামিবলগীয়া হয়। বিমানখনৰ বাঁও ইঞ্জিনত কাৰিকৰী বিজুতি ঘটিছিল, যাৰ বাবে কলকাতাৰ পৰা মুম্বাইলৈ যোৱা বিমানখন পলম হৈছিল।
ছান ফ্ৰান্সিস্কোৰ পৰা মুম্বাই অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ এটা ইঞ্জিনত কাৰিকৰী অসুবিধাৰ সৃষ্টি হোৱাৰ ফলত মঙলবাৰে কলকাতা বিমানবন্দৰত বিমানখনৰ নিৰ্ধাৰিত ষ্টপঅভাৰৰ সময়ত যাত্ৰীসকলে বিমানখনৰ পৰা নামিবলগীয়া হয়। ১২-৪৫ বজাত সময়মতে বিমানবন্দৰত উপস্থিত হয় AI180 বিমান যদিও বাঁও ইঞ্জিনত কাৰিকৰী বিজুতিৰ বাবে পলম হয়। সকলো যাত্ৰীক বিমানখনৰ পৰা নামিবলৈ কোৱা হয়। বিমানখনৰ কেপ্তেইনে যাত্ৰীসকলক জনোৱা মতে, বিমানখনৰ সুৰক্ষাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে।
নিৰ্ধাৰিত সময়ত এয়াৰ ইণ্ডিয়াৰ বিমান AI180 ছানফ্ৰান্সিস্কো বিমানবন্দৰৰ পৰা ৰাওনা হয়। অৱশ্যে পুৱা ১২:৪৫ বজাত কলকাতা বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে ইয়াৰ বাঁও ইঞ্জিনত কাৰিকৰী অসুবিধাৰ সৃষ্টি হয়। চাৰি ঘণ্টাৰো অধিক পিছত পুৱা ৫:২০ বজাত কোৱা হ’ল যে সকলো যাত্ৰীয়ে বিমানখনৰ পৰা নামিব লাগিব।
আহমেদাবাদ দুৰ্ঘটনাৰ পিছত শংকা
এই ঘটনা সংঘটিত হয় পাঁচ দিন পূৰ্বে আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা লণ্ডনৰ গেটৱিক বিমানবন্দৰলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ বিমান এআই-১৭১ বিমান উৰণৰ কেইছেকেণ্ডমানৰ পিছতে বিজে মেডিকেল কলেজৰ হোষ্টেল বিল্ডিঙৰ সৈতে সংঘৰ্ষত। দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়াৰ বিমানখনত ২৩০জন যাত্ৰী, ১০জন কেবিন ক্ৰু আৰু দুজন পাইলটকে ধৰি ২৪২জন লোক আছিল। ব্ৰিটিছ নাগৰিক বিশ্বাস কুমাৰ ৰমেশৰ বাহিৰে বাকী সকলোৰে মৃত্যু হয়।
দিল্লীলৈ অহা এয়াৰ ইণ্ডিয়া ড্ৰিমলাইনাৰতো সমস্যা
ইয়াৰ পূৰ্বে পূর্বৰ দিনা হংকঙৰ পৰা দিল্লীলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ বিমান AI315 বিমানখনৰ মাজতে কাৰিকৰী সমস্যাৰ সন্দেহ হোৱাৰ বাবে পুনৰ নিজৰ মূল স্থানলৈ আহিবলগীয়া হৈছিল। বয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰে পৰিচালিত এই বিমান AI315খন হংকঙৰ পৰা দিল্লী অভিমুখে ৰাওনা হৈছিল। ভাৰতত এয়াৰ ইণ্ডিয়াই ব্যৱহাৰ কৰি আছে বয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰ বিমান।
দেওবাৰে লণ্ডনৰ পৰা চেন্নাইলৈ অহা বিমানখনতো সমস্যা
ইয়াৰ পূৰ্বে দেওবাৰে লণ্ডনৰ হিথ্ৰ’ বিমানবন্দৰৰ পৰা চেন্নাই (ভাৰত) অভিমুখে ৰাওনা হোৱা ব্ৰিটিছ এয়াৰৱেজৰ বিমান BA35 উৰণৰ মাত্ৰ কেইমিনিটমানৰ পিছতে কাৰিকৰী সমস্যাৰ সন্মুখীন হয়। ৩৬ মিনিট পলম কৰি নিশা ১:১৬ বজাত (ব্ৰিটিছ সময় অনুসৰি) বয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰে উৰা মাৰিছিল যদিও প্ৰায় ১৫,০০০ ফুট উচ্চতাত পাইলটসকলে ফ্লেপ চিষ্টেমত কোনো সমস্যাৰ লক্ষণ দেখা পাইছিল। সুৰক্ষা প্ৰট’কল অনুসৰি বিমানখনে বে অৱ ড’ভাৰৰ ওপৰেৰে কেইবাবাৰো ধৰি ৰখাৰ আৰ্হিত উৰিছিল। এই সময়ছোৱাত বিমানখন প্ৰায় ৩০ মিনিট সময় ১২ হাজাৰ ফুট উচ্চতাত থাকি নিৰাপদ অৱতৰণৰ বাবে অতিৰিক্ত ইন্ধন বতাহত পেলাই ওজন হ্ৰাস কৰা হয়। মুঠতে প্ৰায় এঘণ্টা ৪৫ মিনিটৰ অন্তত বিমানখন নিৰাপদে হিথ্ৰ’ৰ ৰাণৱেত অৱতৰণ কৰে। সকলো যাত্ৰী আৰু ক্ৰুক নিৰাপদে উলিয়াই অনা হয়।
লুফথানছাৰ বিমানখনে ইউ টাৰ্ণ লৈ ফ্ৰেংকফৰ্ট বিমানবন্দৰলৈ উভতিবলগীয়া হৈছিল
হায়দৰাবাদলৈ অহা লুফথানছাৰ এখন বিমানেও ইউ টাৰ্ণ লৈ দেওবাৰে সন্ধিয়া ফ্ৰেংকফৰ্ট বিমানবন্দৰত পুনৰ অৱতৰণ কৰিবলগীয়া হৈছিল। জাৰ্মানীৰ পৰা ৰাওনা হৈছিল এল এইচ ৭৫২ বিমান। সোমবাৰে পুৱা হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰিবলগীয়া আছিল। লুফথানছা এয়াৰলাইন্সে সংবাদ সংস্থা এএনআইক জনাইছিল যে আমি হায়দৰাবাদত অৱতৰণ কৰাৰ অনুমতি নাপালোঁ। সেইবাবেই বিমানখনে ইউ টাৰ্ন লৈ উভতি আহিল।
বোমাৰ ভাবুকি থকা এটা ইমেইল আহিল
চৰকাৰী সূত্ৰ অনুসৰি, ১৫ জুনৰ নিশা ১৮:০১ বজাত লুফথানছাৰ এল এইচ ৭৫২ বিমানখনে হায়দৰাবাদ বিমানবন্দৰত বোমাৰ ভাবুকি ইমেইল লাভ কৰে। বোমা বিস্ফোৰণৰ ভাবুকিৰ পিছতে এখন মূল্যায়ন সমিতি গঠন কৰি এছ অ’ পি অনুসৰি সকলো পদ্ধতি পালন কৰা হয়। নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি বিমান সংস্থাটোক মূল স্থান বা ওচৰৰ উপযুক্ত বিমানবন্দৰলৈ উভতি যাবলৈ পৰামৰ্শ দিয়া হৈছিল।
লক্ষ্ণৌত চৌদি বিমানৰ চকাৰ পৰা ওলাল ধোঁৱা
ইয়াৰ পূৰ্বে ১৫ জুনৰ পুৱা জেদ্দাৰ পৰা লক্ষ্ণৌ বিমানবন্দৰত অৱতৰণ কৰা ছৌদি আৰৱৰ এখন বিমানৰ চকাৰ পৰা ধোঁৱা ওলাই অহা দেখা গৈছিল। সেই স্থানত উপস্থিত হয় এয়াৰক্ৰাফ্ট ৰেচকিউ এণ্ড ফায়াৰ ফাইটিং (এ আৰ এফ এফ)ৰ দল। চৌদি আৰৱৰ দলৰ সহযোগত ধোঁৱা নিয়ন্ত্রণ কৰি বিমানখনক যিকোনো অশুভ ঘটনাৰ পৰা ৰক্ষা কৰা হয়। বিমানবন্দৰৰ বিষয়াগৰাকীয়ে কয় যে যাত্ৰীসকলক নিৰাপদে নমাই দিয়া হৈছে আৰু বিমানবন্দৰৰ কাম-কাজত কোনো প্ৰভাৱ নপৰে।