নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সেনাৰ প্রতি অসন্মানজনক মন্তব্য – ৰাহুল গান্ধীক ভর্ৎসনা এলাহাবাদ HC-ৰ

‘বাক্ স্বাধীনতা থাকিলেও দেশৰ সেনাৰ বদনাম কৰিব নোৱাৰি’

সেনাৰ প্রতি অসন্মানজনক মন্তব্য – ৰাহুল গান্ধীক ভর্ৎসনা এলাহাবাদ HC-ৰ

নিউজ ডেস্ক, ৫ জুন : ভাৰতীয় সংবিধানত বাক্ স্বাধীনতা বা মত প্রকাশৰ স্বাধীনতা স্বীকৃত৷ কিন্তু সেই যুক্তি দেখুৱাই কোনেও দেশৰ সেনাৰ বদনাম কৰিব নোৱাৰে৷ এটা গোচৰত এই মন্তব্য আগবঢ়ালে এলাহাবাদ উচ্চ ন্যায়ালয়ে৷ ভর্ৎসনা কৰা হ’ল কংগ্রেছ নেতা তথা লোকসভাৰ বিৰোধী দলনেতা ৰাহুল গান্ধীক৷ ৰাহুল গান্ধীৰ এক মন্তব্যই সেনাক অসন্মান কৰা বুলি অভিযোগ অনা হৈছিল৷

সেই সম্পর্কীয় গোচৰত লক্ষ্ণৌৰ আদালতে ৰাহুললৈ চমন প্রেৰণ কৰিছিল৷ তাক প্রত্যাহ্বান জনাই এলাহাবাদ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ৰাহুল গান্ধী৷ কিন্তু ৰাহুলৰ সেই আবেদন খাৰিজ কৰি দিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে৷ ২০২২ চনত ‘ভাৰত জোড়ো যাত্রা’ চলা সময়ত ৰাজস্থানৰ পৰা ভাৰতীয় সেনা সন্দর্ভত এক মন্তব্য কৰিছিল ৰাহুলে৷

তাক লৈ পৰৱর্তী সময়ত সৃষ্টি হৈছিল তীব্র বিতর্কৰ৷ মানহানি গোচৰ তৰা হয় ৰাহুলৰ বিৰুদ্ধে৷ নিম্ন আদালতে এই গোচৰটোত ৰাহুললৈ চমন প্রেৰণ কৰিছিল৷ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈ ৰাহুলে এই চমন বাতিল কৰিবলৈ আবেদন জনায়৷ কিন্তু আজি ৰাহুলৰ আবেদন খাৰিজ কৰি দিছে উচ্চ ন্যায়ালয়ে৷ ভাৰতীয় সংবিধান ১৯(১) (এ) ধাৰাত বাক্ আৰু মত প্রকাশৰ স্বাধীনতাক নিশ্চিত কৰা হৈছে বুলি ন্যায়ালয়ৰ তৰফৰ পৰা উল্লেখ কৰা হয়৷

কিন্তু ভাৰতীয় সেনাৰ প্রতি অসন্মানজনক মন্তব্য কৰাৰ স্বাধীনতা দিয়া হোৱা নাই বুলি ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে৷ অর্থাৎ এই গোচৰটোৰ পৰা ৰাহুল গান্ধীক ৰেহাই নিদিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে৷ স্মর্তব্য যে সীমান্তত চীনা সেনাই ভাৰতৰ ২০জন জোৱানক হত্যা কৰা বিষয়ক লৈ এক মন্তব্য কৰিছিল ৰাহুলে৷ সেই মন্তব্যক লৈ দেশজুৰি বিতর্কৰ সৃষ্টি হৈছিল৷

You might also like