নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় সভ্যতাৰ বৈচিত্র্যই সংবিধান কার্যক্ষম কৰি ৰাখিছে

ৰাজভৱনত সংবিধান দিৱস উদ্যাপনত অধ্যাপক ননীগোপাল মহন্ত

নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ বৈচিত্র্যই সকলোকে এক কৰাত সহায়ক হৈছে৷ সেই বাবেই ভাৰতীয় সংবিধান সম্পূর্ণৰূপে কার্যক্ষম হৈ আছে৷ –এই মন্তব্য অসম চৰকাৰৰ শিক্ষা উপদেষ্টা তথা বিশিষ্ট লেখক, অধ্যাপক ননীগোপাল মহন্তৰ৷ আজি ৰাজভৱনৰ দৰবাৰ হলত ভাৰতীয় সংবিধান দিৱস উদ্যাপনৰ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰি অধ্যাপক মহন্তই কয় যে দেশে স্বাধীনতা লাভ কৰাৰ সময়ত আমাৰ সমাজখন বিভিন্ন জাতি–উপজাতি, গোষ্ঠী–জনগোষ্ঠীত বিভক্ত হৈ আছিল৷ কিন্তু সনাতন ভাৰতীয় সংস্কৃতিয়ে এই বৈচিত্র্যৰ মাজত সকলোকে এক কৰি দেশৰ সংবিধানৰ ধর্মনিৰপেক্ষ গণতন্ত্রৰ আত্মাটো স্থাপন কৰে৷ আনকি আমাৰ অসমতে ৬৪টা খিলঞ্জীয়া জাতি–জনগোষ্ঠী থকা সত্ত্বেও আমি সকলো এক হৈ আছোঁ একমাত্র সভ্যতাৰ প্রমূল্যৰ আধাৰত৷ ভাৰতীয় সংবিধানে সকলো জাতি–জনগোষ্ঠীৰ প্রতিনিধিত্ব নিশ্চিত কৰিছে৷ বিভিন্ন প্রতিষ্ঠান সৃষ্টি কৰিছে৷ যি ভাৰতীয় সমাজখনক সন্তুলিত কৰি ৰাখিবলৈ সক্ষম হৈছে৷ আনহাতে, সংবিধানৰ পঞ্চম আৰু ষষ্ঠ অনুসূচীয়ে ক্ষমতাৰ বিকেন্দ্রীকৰণ কৰাৰ ফলত ভাৰতীয় গণতন্ত্র এক সফল গণতন্ত্র ৰূপে প্রতিষ্ঠিত হৈছে আৰু মহিলাৰ প্রতিনিধিত্বৰ নিশ্চিতকৰণে ভাৰতীয় গণতন্ত্রক বৃহৎ সফলতা দিছে৷ প্রকৃততে এয়াই ভাৰতীয় সংবিধানৰ যথার্থতা আৰু সফলতা বুলি অধ্যাপক মহন্তই মন্তব্য প্রকাশ কৰে৷

অনুষ্ঠানত অংশগ্রহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্রাপ্ত ন্যায়াধীশ বি কে কটকীয়ে অসম চুক্তিৰ ৬ নম্বৰ ধাৰাৰ কথা উল্লেখ কৰি কয় যে অসম চুক্তিৰ ৬ নম্বৰ ধাৰাত খিলঞ্জীয়াৰ ৰক্ষাকৱচ নিশ্চিত কৰা হৈছে যদিও কর্তৃত্বশীল কর্তৃপক্ষইহে অসমীয়া কোন, সেয়া নিশ্চিত কৰিব৷ তেওঁ নিজ ভাষণত বাংলাদেশীৰ আগ্রাসনে স্বাধীনতাৰ পূর্বৰ পৰা অসমীয়াৰ অস্তিত্ব বিপন্ন কৰাৰ বিষয়টো উল্লেখ কৰি খিলঞ্জীয়া অসমীয়াৰ স্বার্থ সুৰক্ষিত ৰখাৰ বাবে সংবিধান সংশোধনীৰ প্রয়োজন হ’ব বুলি উল্লেখ কৰে৷ এইক্ষেত্রত তেওঁ সংৰক্ষণৰ বিষয়টো উল্লেখ কৰি ভাৰতীয় সংবিধান অনুসৰি পঞ্চাশ শতাংশৰ ওপৰত সংৰক্ষণ সম্ভৱ নহয় বুলি মন্তব্য কৰে৷ সেই বাবে খিলঞ্জীয়া অসমীয়াৰ আর্থ–ৰাজনৈতিক অধিকাৰ সংৰক্ষণৰ বাবে সংবিধান সংশোধনীৰ বিষয়ে বিস্তৃতভাৱে অৱসৰপ্রাপ্ত ন্যায়াধীশজনে আলোচনা কৰে৷ অনুষ্ঠানত নিজ ভাষণত ৰাজ্যপাল প্রফেছৰ জগদীশ মুখীয়ে সংবিধান প্রণেতা বাবা চাহেব আম্বেদকাৰৰ প্রতি শ্রদ্ধা জ্ঞাপন কৰি কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰৰ কার্যকালত ভাৰতীয় সংবিধানৰ ৰূপকাৰজনক ভাৰতৰত্ন প্রদান কৰাই নহয়, ২৬ নৱেম্বৰৰ দিনটো সংবিধান দিৱস হিচাপে পালন কৰা হৈছে৷ এই দিনটো আমি সকলোৱে উদ্যাপন কৰি সংবিধানে প্রদান কৰা নাগৰিকৰ অধিকাৰসমূহ অর্থৱহ কৰি তোলাৰ প্রয়াস কৰাৰ প্রয়োজন, কিয়নো গণতন্ত্রত সংবিধানকে পূজা কৰা হয়৷ সেয়েহে প্রতিজন ভাৰতীয় নাগৰিকে সংবিধানপ্রদত্ত অধিকাৰসমূহ বুজি উঠা উচিত বুলি ৰাজ্যপাল মুখীয়ে মন্তব্য প্রকাশ কৰে৷ আজিৰ এই অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, ৰাজ্যৰ মহাধিবক্তা দেৱজিৎ শইকীয়া প্রমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে৷

You might also like