নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাজেটৰ পিছত ক্ষতিৰ সন্মুখীন আম্বানি-লাভান্বিত আদানি

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৫ জুলাইঃ সংসদত দাখিল হল তৃতীয় মোদী চৰকাৰৰ প্রথম বাজেট৷ এই বাজেটক লৈ দেশৰ বিভিন্ন মহলত মিশ্রিত প্রতিক্রিয়া দেখিবলৈ পোৱা গৈছে৷ কিন্তু বাজেটৰ ভাল-বেয়া আটাইতকৈ স্পষ্ট প্রতিচ্ছবি ধৰা পৰিছে শ্বেয়াৰ বজাৰত৷ কেন্দ্রীয় চৰকাৰৰ বাজেটক লৈ উদ্যোগপতিসকল সুখী নহয় বুলি ধাৰণা কৰা হৈছে৷ কালি বাজেট ঘোষণাৰ পিছতেই শ্বেয়াৰ বজাৰত ইয়াৰ প্রতিকূল প্রভাৱ পৰে৷ বাজেট ঘোষণাৰ পিছতেই একাধিক সংস্থাৰ শ্বেয়াৰ নামি আহে৷ এই তালিকাত আটাইতকৈ বেছি ক্ষতিৰ সন্মুখীন হৈছে মুকেশ আম্বানিৰ ৰিলায়েঞ্চ ইণ্ডাষ্ট্রিজ৷ আনফালে আটাইতকৈ লাভৱান হৈছে দেশৰ ৰাজনীতিত মোদীৰ ঘনিষ্ঠ বুলি বিভিন্ন মহলে দাবী কৰি অহা আদানি গ্রুপ৷ ব্লুমবার্গ বিলিয়নিয়াৰ ইনডেক্সত শেহতীয়া প্রতিবেদন অনুসৰি বাজেট ঘোষণাৰ পিছতে দেশৰ শ্রেষ্ঠ ১০ উদ্যোগপতিৰ ভিতৰত তিনিজনৰ সম্পত্তিৰ পৰিমাণ যথেষ্ট কমি গৈছে৷ এই তালিকাত আটাইতকৈ ক্ষতিৰ সন্মুখীন হৈছে উদ্যোগপতি মুকেশ আম্বানি৷ ৰিলায়েঞ্চৰ প্রায় প্রতিটো শ্বেয়াৰ পতনৰ ফলত কালিৰ দিনটোত মুকেশ আম্বানিৰ ক্ষতি হৈছে ৭৩,৪৭০.৫৯ কোটি টকা৷ আনফালে আদানি গ্রুপৰ ৭৫১ নিযুত ডলাৰ অর্থাৎ ভাৰতীয় মুদ্রাৰ হিচাপত কেইবা হাজাৰ কোটি লাভ হৈছে৷

You might also like