৯ দিনতে ৰাজনীতি ত্যাগ অম্বাতি ৰায়ুডুৰ
বাৰ্তা ডিজিটেল ডেস্ক, ৬ জানুৱাৰীঃ এক চাঞ্চল্যকৰ সিদ্ধান্ত লৈ ৰাজনীতি এৰিলে অম্বাতি ৰায়ুডুৱে। ৰাজনীতি ত্যাগ কৰাৰ সিদ্ধান্তৰ কথা তেওঁ নিজেই কৈছিল। যুৱজন শ্ৰমিকা ৰীথু কংগ্ৰেছ পাৰ্টি (YSRCP)ৰ পৰা পদত্যাগ কৰে ৰায়ুডুৱে। ৰায়ুডুৱে মাত্ৰ ৯ দিন আগতে অৰ্থাৎ ২৮ ডিচেম্বৰত দলত যোগদান কৰিছিল। যদিও তেওঁ চিৰদিনৰ বাবে ৰাজনীতি এৰি যোৱা নাই, বৰঞ্চ তেওঁ ৰাজনীতিৰ পৰা কিছুদিনহে আঁতৰি আছে। প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে নিজৰ সিদ্ধান্তৰ বিষয়ে কয়।