নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্মৃতি মান্ধানাৰ দৰ্শনীয় ৰেকৰ্ড : টি-২০ত ৩০০০ ৰান সম্পূৰ্ণ

বাৰ্তা ডিজিটেল ডেস্ক, ৬ জানুৱাৰীঃ টি-২০ ইণ্টাৰনেচনেলত ৩০০০ ৰানৰ সীমা অতিক্ৰম কৰিছে স্মৃতি মান্ধনাই। টি-২০ ইণ্টাৰনেচনেলত ৩ হাজাৰ ৰানৰ সীমা অতিক্ৰম কৰা ৰাষ্ট্ৰীয় পৰ্যায়ত ষষ্ঠজন আৰু ভাৰতৰ দ্বিতীয়গৰাকী খেলুৱৈ হিচাপে পৰিগণিত হয় মান্ধনা। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা প্ৰথম টি-২০ত মান্ধানাই ৩ হাজাৰৰ সীমা অতিক্ৰম কৰে। মান্ধনাৰ পূৰ্বে মহিলা ক্ৰিকেটত এই সংখ্যা অতিক্ৰম কৰিছিল কেৱল ভাৰতৰ অধিনায়ক হৰমনপ্ৰীত কৌৰে। মান্ধনাই কেৰিয়াৰত এইপৰ্যন্ত ১২৬খন টি-২০ ইণ্টাৰনেচনেল মেচ খেলিছে। এই মেচসমূহৰ ১২২খন ইনিংছত বেটিং কৰি তেওঁ গড়ে ২৭.৪৯ আৰু ষ্ট্ৰাইক ৰেট ১২২.০৮ত ৩০৫২ ৰান সংগ্ৰহ কৰিছে। এই সময়ছোৱাত তেওঁৰ বেটৰ পৰা ২৩টা অৰ্ধশতক আহিছে। ভাৰতীয় মহিলা বেটছমেনগৰাকীয়ে ২০১৩ চনত বাংলাদেশৰ বিৰুদ্ধে টি-২০ ইণ্টাৰনেশ্যনেলত অভিষেক ঘটায়। ভাৰতৰ হৈ তিনিওটা ফৰ্মেটতে খেলা খেলুৱৈসকলৰ ভিতৰত মান্ধানা অন্যতম।

You might also like