নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰপ্ৰদেশৰ হাথৰাছত পদপিষ্ট হৈ কমেও ২৭ লোকৰ মৃত্যু

নিয়মীয়া বাৰ্তা ডিজিটেল, ২ জুলাইঃ উত্তৰপ্ৰদেশৰ হাথৰাছৰ চিকন্দ্ৰৰাউত সৎসংগৰ সময়ত হতাহতিৰ ফলত ২৭জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। ভোলে বাবাৰ সৎসঙ্গত হুলস্থুলৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছে। আজি সৎসংগ সামৰণিৰ সময়তে সংঘটিত হৈছে ভয়াৱহ ঘটনা। এই খবৰ লিখাৰ সময়লৈকে এই হুলস্থুলত ২৭ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। অত্যধিক আৰ্দ্ৰতাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে। আহত আটাইকেইজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। চিকিৎসকৰ মতে প্ৰায় ৫০-৬০জন লোকৰ মৃত্যু হৈছে। ঘটনাৰ বাবে এখন উচ্চ পৰ্যায়ৰ তদন্ত সমিতি গঠন কৰা হৈছে। অচেতন অৱস্থাত চিকিৎসাৰ বাবে উপস্থিত হৈছে কেইবা ডজন লোক। আহতসকলক টেম্পো, বাছ আৰু ট্ৰাকেৰে জিলা চিকিৎসালয়লৈ লৈ যোৱা হৈছে।

You might also like