নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোচবিহাৰৰ পাঠানটুলি ছেক্টৰেৰে বাংলাদেশীৰ ভাৰতত প্ৰৱেশৰ চেষ্টা

নিয়মীয়া বাৰ্তা, ৯ আগষ্টঃ দেশখনত বিদ্যমান অস্থিৰ পৰিস্থিতিৰ মাজতেই আজি চুবুৰীয়া পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ শীতলকুছি অঞ্চলৰ পাঠানটুলিৰ ভাৰত-বাংলাদেশ সীমান্তৰ সমীপত বহু বাংলাদেশী লোক গোট খাইছিল বুলি জানিব পৰা গৈছে। ভাৰতত প্ৰৱেশ কৰাৰ বাবে অহা প্ৰায় এহাজাৰ বাংলাদেশী নাগৰিকৰ সেই দলটোক সীমান্তৰ জিৰো পয়েন্টত বাধা প্ৰদান কৰে বিএছএফে আৰু পিছত বাংলাদেশৰ সীমান্ত সুৰক্ষা বাহিনী বিজিবি (Border Guard Bangladesh)ৰ সহযোগত সেই লোকসকলক বাংলাদেশলৈ উভতাই পঠিয়াবলৈ সক্ষম হয়। উল্লেখ্য যে বাংলাদেশত শ্বেখ হাচিনা নেতৃত্বাধীন চৰকাৰখনৰ পতন ঘটাৰ পিছৰে পৰা ভাৰত-বাংলাদেশ সীমান্তৰ সমীপৰ বহু হিন্দু গাঁৱৰ বাংলাদেশী নাগৰিকে চুবুৰীয়া পশ্চিমবংগৰ সীমান্তইদি ভাৰতত প্ৰৱেশ কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like