মেয়ৰত বিজেপিৰ বৃহৎ জয় : মুখথেকেচা আপ, কংগ্ৰেছৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ জানুৱাৰীঃ চণ্ডীগড় পৌৰ নিগমৰ মেয়ৰ নিৰ্বাচনত বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে আম আদমী পাৰ্টী আৰু কংগ্ৰেছ। মেয়ৰ নিৰ্বাচনত বিজেপিৰ হৰপ্ৰীত কৌৰ বাবলাৰ জয়। নিৰ্বাচনত ক্ৰছ ভোটদান কৰিছে আম আদমী পাৰ্টী আৰু কংগ্ৰেছৰ কাউন্সিলাৰসকলে। ইফালে কংগ্ৰেছৰ জছবীৰ সিং বাণ্টীয়ে জ্যেষ্ঠ উপ-মেয়ৰৰ আসনত জয়লাভ কৰে। তেওঁ ১৯টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ বিমলা ডুবেই ১৭টা ভোট লাভ কৰে। মেয়ৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ১৯টা ভোট লাভ কৰিছিল, যিটো সংখ্যাগৰিষ্ঠতাৰ সংখ্যা। মুঠ ৩৬টা ভোটদান হয়। বিজেপিৰ ১৬জন কাউন্সিলাৰ আছে, এনে পৰিস্থিতিত আপ-কংগ্ৰেছৰ তিনিজন কাউন্সিলাৰ ক্ৰছ ভোটিং কৰিলে। চণ্ডীগড় পৌৰ নিগমৰ ১৩জন আম আদমী পাৰ্টি আৰু ৬জন কংগ্ৰেছৰ কাউন্সিলাৰ। সদনত মুঠ ৩৫ জন কাউন্সিলাৰ থকাৰ বিপৰীতে চণ্ডীগড়ৰ সাংসদ মনীষ তেৱাৰীৰ এটা ভোটো আছিল। আপ-কংগ্ৰেছৰ মিত্ৰজোঁটৰ সংখ্যাগৰিষ্ঠতা থকাৰ পাছতো বিজেপিয়ে মেয়ৰ নিৰ্বাচনত জয়লাভ কৰিছে। আম আদমী পাৰ্টীয়ে চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনত প্ৰেম লতাক প্ৰাৰ্থী কৰি দিছিল। হৰপ্ৰীত কৌৰ বাবলাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিছিল। প্ৰেমলতাই ১৭টা ভোট লাভ কৰে। এই ফলাফল ঘোষণা কৰে প্ৰিজাইডিং অফিচাৰে। উল্লেখ্য যে আপ নেতা কুলদীপ কুমাৰে উচ্চতম ন্যায়ালয়ত মেয়ৰ নিৰ্বাচনৰ ন্যায্য নিৰ্বাচনৰ বাবে আবেদন দাখিল কৰিছিল। তেওঁ কৈছিল যে নিৰ্বাচন যাতে ন্যায্যভাৱে অনুষ্ঠিত হয় তাৰ বাবে উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশক পৰ্যবেক্ষক হিচাপে ল’ব লাগে। ইয়াৰ পিছত উচ্চতম ন্যায়ালয়ে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ জয়শ্ৰী ঠাকুৰক পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়ে। তেওঁৰ তত্বাৱধানত অনুষ্ঠিত হৈছিল মেয়ৰৰ নিৰ্বাচন। আনহাতে যোৱা বছৰো চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনৰ সময়ত বহুত হুলস্থুল হৈছিল। তাৰ পিছতে বিষয়টো উচ্চতম ন্যায়ালয়ৰ মজিয়া পায়। ২০২৪ চনৰ ২০ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী বিষয়া অনিল মাছিৰ আচৰণ সন্দৰ্ভত কঠোৰ মন্তব্য কৰি নিৰ্বাচনৰ ফলাফল বাতিল কৰিছিল। অনিল মাছিহে আপ-কংগ্ৰেছৰ ৮টা ভোট বাতিল কৰিছিল, এইদৰে বিজেপিৰ প্ৰাৰ্থীগৰাকী জয়ী হৈছিল।