নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাম মন্দিৰ দৰ্শনৰ বাবে বিজেপিৰ এমহীয়া কাৰ্যসূচী

বাৰ্তা ডিজিটেল ডেস্ক, ২ জানুৱাৰীঃ ২০২৪ চনৰ লোকসভা নিৰ্বাচন সন্দৰ্ভত দেশত ৰাজনৈতিক গৰম অধিক। তাৰ মাজতে আজি অযোধ্যাৰ ৰাম মন্দিৰৰ অভিষেক সন্দৰ্ভত বিজেপিয়ে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে। ২২ জানুৱাৰীত বিজেপি কৰ্মীসকলক দীপাৱলীৰ দৰে পৰিৱেশ সৃষ্টি কৰিবলৈ কোৱা হৈছে। জানিব পৰা মতে ২৫ জানুৱাৰীৰ পৰা ২৫ মাৰ্চলৈ দেশৰ বিভিন্ন ৰাজ্যৰ পৰা অহা লোকসকলক ৰাম মন্দিৰ পৰিদৰ্শন কৰাৰ সুবিধা প্ৰদান কৰিব বিজেপিৰ নেতা-কৰ্মীয়ে। ইয়াৰ অধীনত ৰাম মন্দিৰলৈ অহা লোকসকলক ঢোল, তিলক আৰু ফুলৰ মালা লৈ প্ৰেৰণ কৰা হ’ব। দিল্লীত বিজেপিৰ বৈঠকত অংশগ্ৰহণ কৰা নেতাসকলক ৰাম মন্দিৰ সন্দৰ্ভত এক সঠিক ধাৰণা ৰাইজৰ মাজত বিয়পাই দিবলৈ কোৱা হয়। এই বৈঠকত দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, সাধাৰণ সম্পাদক সুনীল বাঞ্চাল, কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ, অশ্বিনী বৈষ্ণৱ, মনসুখ মাণ্ডৱিয়া, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বকে ধৰি বহু নেতা উপস্থিত থাকে। প্ৰতিটো বুথ পৰ্যায়ৰ পৰা বিজেপিয়ে ৰাম মন্দিৰৰ দৰ্শনৰ সুবিধা কৰিব। এই অভিযান ২৫ জানুৱাৰীৰ পৰা ২৫ মাৰ্চলৈ চলিব। কোৱা হৈছে যে এদিনত প্ৰায় ৫০ হাজাৰ লোকক ৰাম মন্দিৰলৈ যাবলৈ অনুমতি দিয়া হ’ব। ৰাম মন্দিৰৰ সপোন বাস্তৱায়িত কৰাত দলৰ অৱদান কেনেকুৱা হৈছে সেয়া অৱগত কৰিব বিজেপিয়ে। ৰাম মন্দিৰ নিৰ্মাণৰ অবিৰত বিৰোধিতা কৰি অহা সেই ৰাজনৈতিক দল আৰু নেতা কোন কোন? দলটোৱে বিচাৰিছে যে লোকসভা নিৰ্বাচনলৈকে দলীয় কৰ্মীসকলে সমগ্ৰ দেশৰ জনসাধাৰণৰ মাজত এই বাৰ্তা প্ৰেৰণ কৰক। ইয়াৰ বাবে দলটোৱে পুস্তিকাও ছপা কৰিব। উল্লেখ্য যে অহা ২২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠান অনুষ্ঠিত হ’ব। ইয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বহু লোকে অংশগ্ৰহণ কৰিব। বৈঠকত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই কয় যে সকলোৰে ভাল দৰ্শন হ’ব লাগিব। এই সময়ছোৱাত কোনো ধৰণৰ বৈষম্য হ’ব নালাগে।

You might also like