নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূৰাগাঁৱৰ টেঙাগুৰি বজাৰত প্ৰশাসনৰ উচ্ছেদ

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰ : মৰিগাঁও জিলাৰ ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত টেঙাগুৰি বজাৰত প্ৰশাসনে আজি উচ্ছেদ অভিযান চলায়। লোক নিৰ্মাণ বিভাগৰ নগাঁও-ভূৰাগাঁও পথৰ দুয়োকাষে অবৈধভাৱে দোকান গৃহ নিৰ্মাণ কৰি ব্যৱসায় চলাই আছিল। আজি টেঙাগুৰি বজাৰৰ পথৰ দুয়োকাষে থকা প্ৰায় দুই শতাধিক ব্যৱসায়িক প্ৰতিষ্ঠান উচ্ছেদ কৰে প্ৰশাসনে। ভূৰাগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ নেতৃত্বত চলে এই উচ্ছেদ অভিযান। উল্লেখ্য যে দীৰ্ঘদিন ধৰি পথৰ দুয়োকাষে ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্মাণ কৰাত যানজঁটৰ সৃষ্টি হৈ আছিল। শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান সম্পন্ন হয়।

প্ৰেৰক আবুল কালাম

You might also like