নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রেমত প্রত্যাখ্যিত হৈ যুৱকৰ নামত ১২ ৰাজ্যলৈ বোমাৰ ভাবুকি

যুৱকৰ নামত ই–মেইল আইডি প্রস্তুত কৰি তাৰ পৰাই বোমা বিস্ফোৰণৰ ভাবুকি প্রেৰণ কৰিছিল তৰুণীজনীয়ে

প্রেমত প্রত্যাখ্যিত হৈ যুৱকৰ নামত ১২ ৰাজ্যলৈ বোমাৰ ভাবুকি

প্রেমত প্রত্যাখ্যিত হোৱা যুৱক–যুৱতীয়ে প্রতিশোধ লোৱাৰ ঘটনা সঘনে দেখিবলৈ পোৱা যায়৷ আনকি নৃশংস হত্যাৰ ঘটনাও সংঘটিত হয়৷ শেহতীয়াকৈ এগৰাকী অভিযন্তা তৰুণীৰ কার্যই সৃষ্টি কৰিছে চাঞ্চল্যৰ৷

এই তৰুণীজনীয়ে যুৱকক জালত পেলাবলৈ প্রযুক্তিৰ সাহায্য লৈছিল৷ দেশৰ ১২খন ৰাজ্যত বোমাতংক বিয়পোৱাৰ অভিযোগত শেহতীয়াকৈ চেন্নাই আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে বহুজাতিক সংস্থা এটাৰ কর্মী এই তৰুণীক৷ যুৱকৰ নামত ই–মেইল আইডি প্রস্তুত কৰি তাৰ পৰাই বোমা বিস্ফোৰণৰ ভাবুকি প্রেৰণ কৰিছিল তৰুণীজনীয়ে৷

চেন্নাইৰ অভিযান্ত্রিক মহাবিদ্যালয়ত অধ্যয়ন কৰা ৩০ বছৰীয়া এই তৰুণীৰ নাম ৰেনে জোছিলডা৷ চেন্নাইৰ এটা বহুজাতিক সংস্থাত চাকৰি লাভ কৰে তৰুণীজনীয়ে৷ কর্মসূত্রে গুজৰাটৰ বাসিন্দা ডিভজি প্রভাকৰৰ সৈতে তেওঁৰ বার্তালাপ হয়৷ যুৱকজনক প্রেমৰ প্রস্তাৱ দিছিল এই তৰুণীয়ে৷ কিন্তু সেই প্রস্তাৱ প্রত্যাখ্যান কৰে প্রভাকৰে৷

ইয়াৰ পিছতে প্রতিশোধ ল’বলৈ এনে ভয়ংকৰ ষড়যন্ত্রৰ জাল পেলায় তৰুণীজনীয়ে৷ বর্তমান ৰঙাঘৰৰ আলহী এই তৰুণী৷ প্রভাকৰৰ নামত একাধিক ভুৱা ই–মেইল একাউণ্ট খুলি তাৰ পৰা বিভিন্ন ৰাজ্যত বোমা বিস্ফোৰণৰ ভাবুকি দিছিল ৰেনেই৷ আৰক্ষীয়ে দীর্ঘদিন ধৰি তদন্ত চলাই ৰেনেক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

Niyomiya Barta Desk, Date of Published – 25-06-2025

You might also like