নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুৰা নীতি কেলেংকাৰিত অৰবিন্দ কেজৰিৱালক পুনৰ গ্ৰেপ্তাৰ চিবিআইৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ জুনঃ আজি চিবিআইয়ে গ্ৰেপ্তাৰ কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। দিল্লী সুৰা নীতিৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে কেজৰিৱালক। চিবিআইয়ে কেজৰিৱালক দিল্লীৰ ৰাউজ এভিনিউ আদালতত হাজিৰ কৰিছিল, য’ত তদন্তকাৰী সংস্থাটোৱে আম আদমি পাৰ্টিৰ মুৰব্বীক জেৰাৰ বাবে তেওঁৰ জিম্মা বিচাৰিছিল। কালি সন্ধিয়া তিহাৰ জেলত কেজৰিৱালক জেৰাও কৰিছিল চি বি আইৰ বিষয়াসকলে। কেজৰিৱালৰ এখন আৱেদনৰ শুনানি উচ্চতম ন্যায়ালয়ত চলি থকাৰ সময়তে কেজৰিৱালক গ্ৰেপ্তাৰ কৰা হৈছে। এই আবেদনৰ জৰিয়তে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে দিল্লী উচ্চ ন্যায়ালয়ৰ জামিন আদেশৰ ওপৰত স্থগিতাদেশক প্ৰত্যাহ্বান জনাইছে। আচলতে দিল্লীৰ এখন নিম্ন আদালতে ২০ জুনত কেজৰিৱালক জামিন প্ৰদান কৰিছিল, যিটো উচ্চ ন্যায়ালয়ে স্থগিত ৰাখিছে। ইডিয়ে কেজৰিৱালৰ জামিনক উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল, শুনানিৰ পিছত আদালতে জামিন স্থগিত ৰখাৰ নিৰ্দেশ দিছিল। ৰাউছ এভিনিউ আদালতত কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ পিছতে শুনানি আৰম্ভ হয়। চিবিআইয়ে কেজৰিৱালৰ গ্ৰেপ্তাৰৰ স্মাৰক আদালতক প্ৰদান কৰিছে। আদালতত চিবিআইৰ বিষয়াসকলে কয় যে আমি কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছো।

You might also like