নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজয় মালিয়াৰ বিৰুদ্ধে জামিনবিহীন গ্রেপ্তাৰী পৰোৱানা চিবিআই আদালতৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩ জুলাইঃ পলাতক সুৰা সম্রাট বিজয় মালিয়াৰ বিপদ বাঢ়িল৷ মুম্বাইৰ চিবিআই আদালতে মালিয়াৰ বিৰুদ্ধে জামিনবিহীন ধাৰাত গ্রেপ্তাৰী পৰোৱানা জাৰি কৰিছে৷ ইণ্ডিয়ান অভাৰছীছ বেংকৰ ১২০ কোটি টকা ঋণ আদায় দিয়া নাই মালিয়াই৷ সেইবাবে মালিয়াৰ বিৰুদ্ধে এই গ্রেপ্তাৰী পৰোৱানা৷ ভাৰতত আর্থিক কেলেংকাৰি সংঘটিত কৰি বিদেশলৈ পলাই গৈছে মালিয়া৷ ইয়াৰ পিছৰে পৰা একাধিক গোচৰত নাম জড়িত হৈ পৰিছে পলাতক এই ধনকুবেৰৰ৷ কিন্তু এতিয়ালৈকে ভাৰতীয় কোনো তদন্তকাৰী সংস্থাই মালিয়াক লগ কৰিব পৰা নাই৷ বর্তমান ব্রিটেইনত বাস কৰি আছে পলাতক মালিয়া৷ মালিয়াক দেশলৈ প্রত্যর্পণ কৰিবলৈ একাধিক পদক্ষেপ গ্রহণ কৰিছে কেন্দ্রৰ মোদী চৰকাৰে৷ শেহতীয়াকৈ চিবিআই আদালতে জাৰি কৰা গ্রেপ্তাৰী পৰোৱানাত উল্লেখ কৰা হৈছে যে বন্ধ হৈ যোৱা ‘কিংফিছাৰ এয়াৰ লাইঞ্চ’ৰ বাবে বিজয় মালিয়াই চৰকাৰী বেংকৰ পৰা ঋণ লৈছিল৷

You might also like