আৰিয়ান খান ড্ৰাগছ গোচৰত ঘোচ দাবীৰ অপৰাধত সমীৰ ৱাংখেড়েক চমন চিবিআইৰ
বিশেষ বাৰ্তা, ১৭ মেঃ আৰিয়ান খান ক্ৰুজ ড্ৰাগছ গোচৰত চিবিআইয়ে চমন কৰিছে মুম্বাই এনচিবিৰ প্ৰাক্তন খণ্ড সঞ্চালক সমীৰ ৱাংখেড়েক। চিবিআইয়ে জনোৱা মতে, বৃহস্পতিবাৰে (১৮ মে’) এই গোচৰত ৱাংখেড়েক জেৰাৰ বাবে মতা হৈছে। আৰিয়ান খানৰ ক্ৰুজ ড্ৰাগছ গোচৰত শেহতীয়াকৈ চিবিআইয়ে সমীৰ ৱাংখেড়েৰ স্থানত অভিযান চলাইছিল। ইয়াৰ মাজতে চিবিআইয়ে জনাইছিল যে ড্ৰাগছৰ গোচৰত পৰিয়ালক জড়িত নকৰাৰ অভিযোগত অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানৰ পৰা ঘোচ হিচাপে ২৫ কোটি টকা দাবী কৰাৰ বাবে ৱাংখেড়েৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। এফআইআৰৰ সবিশেষ তথ্য অনুসৰি, ২০২১ চনৰ ২ অক্টোবৰত ৱাংখেড়েৰ নিৰ্দেশমৰ্মে কৰ্ডেলা ক্ৰুজ জাহাজত চলোৱা অভিযানত এনচিবিয়ে অন্তৰ্ভুক্ত কৰিছিল নিৰ্দলীয় সাক্ষী কেপি গোসাৱী আৰু প্ৰভাকৰ চেইলক। ইফালে প্ৰভাকৰ চেইলৰ মৃত্যু হৈছে। সহযোগী ছানভিল ডিছৌজা আদিৰ সৈতে গোসাৱীয়ে আৰিয়ান খানৰ পৰিয়ালৰ পৰা ২৫ কোটি টকা ‘দোলন’ৰ ষড়যন্ত্ৰ ৰচনা কৰে। এফআইআৰত অভিযোগ উত্থাপন হৈছে যে গোসাৱী আৰু ডিছৌজাই আৰ্য্যক মুকলি কৰি দিবলৈ ধনৰ আলোচনা কৰি ১৮ কোটি টকালৈ হ্ৰাস কৰিছিল। ইয়াৰ লগতে তেওঁ আগধন হিচাপে ৫০ লাখ টকাও লৈছিল, পিছত তাৰ কিছু অংশ ঘূৰাই দিছিল।