নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিকশিত শিৱসাগৰ : এনিশাৰ বৰষুণতেই নদীৰ ৰূপ ললে দুৱৰণী আলিয়ে

🔴কাণ সাৰ নাই বিধায়ক অখিল গগৈৰ
🔴নিৰ্বিকাৰ লোক নিৰ্মাণ বিভাগ- প্ৰশাসন
🔴নৰক যন্ত্ৰণা অদ্ধ শতাধিক গাঁৱৰ ৰাইজৰ
নিয়মীয়া বাৰ্তা, ১৭ মেঃ ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাৰ ১০৮নং বিধানসভা সমষ্টিৰ এখন ছবিয়ে বিকশিত শিৱসাগৰৰ প্ৰকৃত ৰূপটো অতি নগ্ন ভাৱে উদঙাই দিয়াৰ ঘটনাই ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি ৷ইতিমধ্যে সামাজিক মাধ্যমত পুৱাৰে পৰা ভাইৰেল হৈ পৰা ৰজাদিনীয়া দুৱৰণী আলিয়ে আমগুৰি গাও অঞ্চলত বোঁৱতী নদীৰ ৰূপ ধাৰণ কৰাৰ ঘটনাই নিৰ্বাচিত জন প্ৰতিনিধি, স্থানীয় প্ৰশাসন,লোক নিৰ্মাণ বিভাগকো নগ্ন ভাৱে উদঙাই দিছে ৷বিশেষকৈ ঐতিহাসিক শিৱসাগৰ চহৰৰ পৰা মাত্ৰ এক কিলোমিটাৰ নিলগতেই উন্মোচিত হোৱা তথাকথিত উন্নয়ণৰ ছবিখনে শিৱসাগৰ সমষ্টি কাৰ্য্যত আগলৈ যোৱাৰ পৰিৱৰ্তে পিছুৱাই অহাৰ ইংগিতহে দিছে বুলি সৰৱ চৰ্চা আৰম্ভ হৈছে ৷উল্লেখ্য যে, আহোম ঐতিহ্য বহণ কৰি অহা ৰজাদিনীয়া পথটোৰ বিভিন্ন অংশৰ লগতে আমগুৰি গাঁৱৰ মাজ অংশত প্ৰায় দেৰশ মিটাৰ দৈঘ্যৰ এটা অংশই বৰ্তমান সময়ত সবাটোতকৈ চিন্তাৰ কাৰণ হৈ পৰিছে ৷আজিৰ পৰা দেৰ বছৰৰ পুৰ্বেই সম্পুৰ্ণৰূপে ধংস প্ৰাপ্ত হৈ বিচিন্ন হৈ পৰা পথটো মেৰামতিৰ বাবে সুদীৰ্ঘ দেৰ বছৰে লোক নিৰ্মাণ, জিলা প্ৰশাসনে আহৰি নোপোৱাৰ বাবেই সম্প্ৰতি পথটো সেই অংশটোক এক বৃহত দীঘলীয়া খাৱৈৰ সৃষ্টি হোৱাৰ ওপৰিও ৰজাদিনীয়া পথটোৰ অস্তিত্ব নিঃশেষ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ইফালে  বিগত  নিৰ্বাচনৰ আগত আৰু নিৰ্বাচন জয়ী হোৱাৰ পিছত শিৱসাগৰ সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক অখিল গগৈয়ে পথটো  পুণৰ নিৰ্মাণ আৰু পথৰ দুয়োপাৰে পকী নৰ্দমা  বনাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও সেয়া কেৱল প্ৰতিশ্ৰুতিতেই আৱদ্ধ থাকিল। আনকি স্থানীয় ৰাইজে বহুবাৰ এইক্ষেত্ৰত বিধায়কৰ লগতে লোক নিৰ্মাণ  বিভাগতো আবেদন কৰিছিল  যদিও কাৰোৰে নাই আহৰি ।ঐতিহাসিক পথটোৰ মেৰামতিৰ বাবে কোনাে গুৰুত্ব প্রদান নকৰাত সম্প্রতি সৰু বৰ দুর্ঘটনাৰ স্থানলৈ পৰিগণিত হৈছে।আনহে নালাগে  আহােম ৰাজত্ব কালৰ ঐতিহাসিক পথটোৰ প্ৰতি কাণসাৰ নাই জনপ্রতিনিধি কিম্বা বিভাগীয় কর্তৃপক্ষৰো। স্মৰ্তব্য যে, এই ৰজাদিনীয়া পথটোৱেদি  বগীদ’লৰ পৰা ৰংঘৰ চাৰিআলি হৈ দিচিয়াল মঠাদাঙত স্পৰ্শ কৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত সংযোগ হৈছেগৈ ৷ প্রায় অদ্ধ শতাধিক  গাঁৱৰ ৰাইজৰ একমাত্র যাতায়াত ব্যৱস্থা এই দূবৰণি আলিটোৰ অৱস্থা বর্তমান ইমানেই জৰাজীৰ্ণ যে সাধাৰণ ৰাইজে  দুৱৰণী আলিৰ পৰিৱৰ্তে বৰ আলি হৈ যাতায়ত কৰাৰ দৰে পৰিৱেশৰ সৃষ্টি হৈছে৷আনহাতে আহোম ঐতিহ্যৰ এৰাব নোৱাৰা অংগ দুৱৰণী আলিৰ পুণৰ নিৰ্মাণক লৈ শতাধিক বাৰ আৱেদন নিবেদন জনাই অহাৰ সময়তেই যোৱা নিশাৰ এজাক বৰষুণত ৰজাদিনীয়া পথটোৰ প্ৰায় তিনিশ মিটাৰ অংশ সম্পুৰ্ণৰূপে পানীত বুৰ যোৱাৰ ফলত পথাচাৰীৰ নাজল-নাথল অৱস্থাৰ সৃষ্টি হয় ৷ যাৰ পৰিপ্ৰেক্ষিত্বত চৰকাৰ- প্ৰশাসন- স্থানীয় বিধায়কৰ ওচৰত আস্থা হেৰুওৱা ৰাইজে সামাজিক মাধ্যমতেই শেষ ভৰষা হিচাবে লৈ ৰাজ্যৰ মূখ্য মন্ত্ৰীৰ দৃষ্টি আকৰ্ষণৰ বাবে বিকশিত শিৱসাগৰৰ নগ্ন স্বৰূপ উদঙাই দিয়া বুলি সামাজিক মাধ্যমৰ পৃষ্ঠাই পৃষ্ঠাই ব্যাপক চৰ্চা অব্যাহত ৰাখিছে ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান
You might also like