শিশুৰ দাবী মানি স্কুলৰ খাদ্যত বিৰিয়ানি – ভিডিঅ’ ভাইৰেল হোৱাত সিদ্ধান্ত চৰকাৰৰ
কণমানিটিৰ মতে, ‘বিৰনানি’ (বিৰিয়ানি) আৰু চিকেন ফ্রাই পালে বেছি ভাল লাগিলহেঁতেন৷ এনে মধুৰ আবেদনৰ ভিডিঅ’ ভাইৰেল হ’বলৈ বেছি সময় নালাগিল
ভিডিঅ’ ভাইৰেল হোৱাত সিদ্ধান্ত চৰকাৰৰ, শিশুৰ দাবী মানি স্কুলৰ খাদ্যত বিৰিয়ানি
নিউজ ডেস্ক, ৫ জুন : কেৰালাৰ অংগনৱাড়ী স্কুলত কণমানি শিক্ষার্থীৰ আবেদন ভাইৰেল হৈছিল যোৱা ফেব্রুৱাৰী মাহত৷ থুনুক–থানাক মাতেৰে মাতৃৰ ওচৰত মনৰ দুখ প্রকাশ কৰি কণমানিটিয়ে কৈছিল– ‘বিদ্যালয়ত ‘উপমা খাবলৈ মুঠেও ভাল নালাগে’৷ কণমানিটিৰ মতে, ‘বিৰনানি’ (বিৰিয়ানি) আৰু চিকেন ফ্রাই পালে বেছি ভাল লাগিলহেঁতেন৷ এনে মধুৰ আবেদনৰ ভিডিঅ’ ভাইৰেল হ’বলৈ বেছি সময় নালাগিল৷
সেয়া গৈ কেৰালাৰ মহিলা আৰু শিশু কল্যাণ মন্ত্রী বীণা জর্জৰ কাণত পৰে৷ ইয়াৰ পিছতে মন্ত্রী বীণা জর্জে অংগনৱাড়ীৰ খাদ্যৰ তালিকাত সন্নিৱিষ্ট কৰে কণী বিৰিয়ানি৷
এই প্রসংগত মন্ত্রী বীণা জর্জে কয় যে শংকু নামৰ কণমানি শিশুটিৰ ভিডিঅ’ ভাইৰেল হৈছিল৷ এই ভিডিঅ’ত শিশুটিয়ে বিৰিয়ানি খোৱাৰ হেঁপাহৰ কথা উল্লেখ কৰিছিল৷ সেইবাবে অংগনৱাড়ী স্কুলত সপ্তাহত এদিনক কণী বিৰিয়ানি শিশুসকলক দিয়াৰ কথা ঘোষণা কৰিলে মন্ত্রীগৰাকীয়ে৷
লক্ষণীয়ভাৱে কেৰালাৰ অংগনৱাড়ী স্কুলত শিশুসকলক সপ্তাহত খাদ্যত তিনি দিন কণী দিয়া হয়৷ ইয়াৰে এদিন বিৰিয়ানিৰ সৈতে কণী দিয়াৰ সিদ্ধান্ত লৈছে চৰকাৰে৷ স্মর্তব্য যে যোৱা ফেব্রুৱাৰী মাহত শংকুৰ ভিডিঅ’টো ভাইৰেল হৈছিল ছ’চিয়েল মিডিয়াত৷ শিশুটিয়ে অংগনৱাড়ী স্কুলত দিয়া খাদ্যক লৈ সন্তুষ্ট নহয় বুলি মাকৰ আগত উল্লেখ কৰিছে৷
খাদ্য হিচাপে বিৰিয়ানি দিলে ভাল লাগিলহেঁতেন বুলি মাকক আব্দাৰ কৰিছিল শংকুৱে৷ অৱশেষত শংকুৰ এই আব্দাৰ চৰকাৰে মানি ল’লে৷