নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংসদ ভৱনৰ নিৰাপত্তাৰ দায়িত্ব চিআইএছএফক

বাৰ্তা ডিজিটেল ডেস্ক, ২১ ডিচেম্বৰঃ সংসদ ভৱনত লোকসভাৰ মজিয়াত দুই যুৱকে নিৰাপত্তা ত্ৰুটিত ফলত চলোৱা সন্ত্রাসক লৈ শাসক-বিৰোধীৰ মাজত বাকযুদ্ধ আৰু অভিযোগ-প্রতি অভিযোগ চলি থকাৰ মাজতে সংসদ ভৱনৰ নিৰাপত্তাৰ দায়িত্ব কেন্দ্রীয় সশস্ত্র আৰক্ষী বাহিনী (চিএপিএফ)ক প্রদানৰ সিদ্ধান্ত গ্রহণ কৰিছে কেন্দ্রীয় চৰকাৰে৷ বর্তমান দিল্লী আৰক্ষীৰ নিৰাপত্তাৰ মাজত থকা সংসদ ভৱনত যোৱা ১৩ ডিচেম্বৰত লোকসভাৰ মজিয়াত দুই যুৱকে সন্ত্রাস চলাৱাৰ পাছতে এই নিৰাপত্তাৰ দায়িত্ব চিএপিএফৰ কেন্দ্রীয় ঔদ্যোগিক সুৰক্ষা বাহিনী চমুকৈ চিআইএছএফক ন্যস্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ ইতিমধ্যে পাৰমাণৱিক আৰু মহাকাশ ক্ষেত্রৰ লগতে অসামৰিক বিমানবন্দৰ আৰু দিল্লী মেট্র’ৰ নিৰাপত্তাৰ দায়িত্বত থকা চিআইএছএফক সংসদ ভৱনৰ চৌহদৰ নিৰাপত্তাৰ পৰিকল্পনা কৰিবলৈ নির্দেশ দিয়া হৈছে৷ চিআইএছএফে প্রকাশ কৰা মতে চৰকাৰে সংসদ ভৱন চৌহদৰ নিৰাপত্তাৰ সমগ্র দায়িত্ব দিল্লী আৰক্ষীৰ পৰিৱর্তে চিআইএছএফক দিয়াৰ সিদ্ধান্ত লৈছে৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ে সংসদ ভৱন চৌহদত স্থায়ীভাৱে নিৰাপত্তাৰ দায়িত্বত চিআইএছএফক প্রদান কৰাৰ বাবে জৰীপ চলাবলৈ নির্দেশ দিছে৷ নতুন সংসদ ভৱনৰ লগতে পুৰণি সংসদ ভৱনৰো নিৰাপত্তাৰ দায়িত্বত থাকিব চিআইএছএফ৷ চিআইএছএফৰ অধীনত সংসদৰ নিৰাপত্তা সেৱা, দিল্লী আৰক্ষী আৰু পার্লিয়ামেণ্ট ডিউটী গ্রুপ (পিডিজি) অন্তর্ভুক্ত হৈ থাকিব৷ পিডিজি হৈছে চিআৰপিএফৰ এটা গোট৷

You might also like