প্ৰৱঞ্চনাৰ ক্ষেত্ৰত নিজস্ব অভিলেখ ভংগ কৰিছে কংগ্ৰেছে
নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ নৱেম্বৰঃ নিৰ্বাচনৰ দামামা বাজিছে মহাৰাষ্ট্ৰত। প্ৰধানমন্ত্ৰী মোদী জঁপিয়াই পৰিছে নিৰ্বাচনী মহাৰণত। মহাৰাষ্ট্ৰৰ নিৰ্বাচনী প্ৰচাৰ প্ৰধানমন্ত্ৰী মোদীৰ প্ৰধান লক্ষ্য হৈ পৰিছে কংগ্ৰেছ। তেওঁ কয়, মহাৰাষ্ট্ৰই দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ ক্ৰোধ আৰু ইয়াৰ পাপ ভোগ কৰি আহিছে, বিশেষকৈ মাৰাথৱাড়াৰ কৃষক, কংগ্ৰেছ দল আপোনালোকৰ বিপদৰ মূল। ইয়াৰ কৃষকৰ সুখ-দুখৰ কথা কংগ্ৰেছে কেতিয়াও চিন্তা কৰা নাছিল। মাৰাথৱাড়াত ১১খন জলসিঞ্চন আঁচনিৰ অনুমোদন লাভ কৰা হৈছে, এই অঞ্চলৰ জলসিঞ্চনৰ সমস্যা সমাধানৰ বাবে আঁচনি আৰম্ভ কৰা হৈছিল যদিও মহা আঘাড়ী চৰকাৰে বন্ধ কৰি দিছিল। মহাজোঁট চৰকাৰে ইয়াক ত্বৰান্বিত কৰিছে। তেওঁ কয় যে কৃষকৰ কল্যাণ আমাৰ আটাইতকৈ ডাঙৰ অগ্ৰাধিকাৰ। মহাৰাষ্ট্ৰৰ ১.২৫ কোটিৰো অধিক কৃষকে প্ৰধানমন্ত্ৰী সন্মান নিধিৰ দ্বাৰা উপকৃত হৈছে। বিগত ডেৰ-দুবছৰত মাৰাথৱাড়া অঞ্চলত হাজাৰ হাজাৰ কোটি টকা বিনিয়োগ কৰা হৈছে। সমৃদ্ধি মহামাৰ্গে এই অঞ্চলৰ অগ্ৰগতিৰ এক নতুন পথ দিছে। নন্দদৰ পৰা দিল্লী আৰু আদমপুৰলৈ বিমান সেৱা আৰম্ভ হৈছে। শিখ ভাইসকলে ইয়াৰ পৰা বিমানেৰে অমৃতসৰলৈ যোৱাৰ সুযোগ পাব। প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰথমবাৰৰ বাবে পাকঘৰত গেছ চিলিণ্ডাৰত খাদ্য ৰন্ধা হৈছে, তাতেই ঘৰৰ মহিলা সদস্যসকলে লাভৱান হৈছে। তিনি কোটি মহিলাক লাখপতি দিদী কৰাৰ মিছনত আমি সফল হৈছোঁ। তেওঁ কয়, কংগ্ৰেছে সীমা অতিক্ৰম কৰিছে। প্ৰৱঞ্চনাৰ ক্ষেত্ৰত কংগ্ৰেছে নিজস্ব অভিলেখ ভংগ কৰিছে। সংবিধানৰ নামত কংগ্ৰেছ ৰাইজে নিজৰ পৃথক লাল কিতাব বিতৰণ কৰিছে। কংগ্ৰেছৰ ৰঙা পুথিত ভাৰতৰ সংবিধান লিখা আছে, কিন্তু ভিতৰত খুলিলে দেখা গ’ল যে ৰঙা পুথিখন খালী। তাত বাবা চাহেবৰ সংবিধানৰ এটা শব্দও লিখা নাই। এই কথা দেখি সমগ্ৰ দেশ আচৰিত হৈ পৰিছে। আজি সমগ্ৰ মহাৰাষ্ট্ৰতে বিজেপি আৰু মহাজোঁটৰ সমৰ্থনত এক ঢৌ চলি আছে। আজি সকলোৰে ওঁঠত এটাই শ্লোগান। মাথোঁ বিজেপি মহাজোঁটৰ চৰকাৰ। আজি দেশখন উন্নত ভাৰতৰ লক্ষ্যৰে আগবাঢ়িছে আৰু দেশৰ জনসাধাৰণে জানে যে এই লক্ষ্যত উপনীত হ’বলৈ কেৱল বিজেপি আৰু ইয়াৰ মিত্ৰশক্তিয়েহে কাম কৰি আছে। সেইবাবেই মানুহে বাৰে বাৰে বিজেপি আৰু এন ডি এ চৰকাৰ নিৰ্বাচন কৰি আছে। দেশত তৃতীয়বাৰৰ বাবে ৰাইজে এন ডি এক সুযোগ দিছে। উল্লেখ্য যে হাৰিয়ানাৰ নিৰ্বাচনৰ ইতিহাসত সৰ্বাধিক আসন লাভ কৰিলে বিজেপিয়ে। এতিয়া মহাৰাষ্ট্ৰৰ জনসাধাৰণেও একেই ইতিহাসৰ পুনৰাবৃত্তি কৰিব। মানুহে কৈছে যে উন্নত মহাৰাষ্ট্ৰৰ বাবে মহাজোঁট চৰকাৰৰ প্ৰয়োজন।