হেমা মালিনীৰ গালৰ দৰে মসৃণ পথ নির্মাণ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ নৱেম্বৰঃ অভিনেত্রী তথা মথুৰাৰ বিজেপি সাংসদ হেমা মালিনীৰ গালৰ সৈতে ৰাস্তাৰ তুলনা কৰি বিতর্কৰ সৃষ্টি কৰিছে দিল্লীৰ আম আদমী পার্টী (আপ)ৰ বিধায়ক নৰেশ বালিয়ানে৷ দিল্লীৰ উত্তম নগৰৰ ৰাস্তা হেমা মালিনীৰ গালৰ দৰে মসৃণ কৰি দিব বুলি বিধায়কগৰাকীয়ে মন্তব্য কৰিছিল৷ ইয়াৰ পিছতে বিধায়কগৰাকীৰ এনে আপত্তিজনক মন্তব্যৰ অভিযোগত দেশৰ ৰাজধানীৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছে৷ দিল্লী বিজেপিৰ মুখপাত্র প্রবীণ শংকৰ কাপুৰে এই মন্তব্যৰ নিন্দা কৰি আপ বিধায়কগৰাকীক তীব্র আক্রমণ কৰিছে৷ প্রবীণ শংকৰ কাপুৰে মন্তব্য কৰিছে যে বিধায়কগৰাকীয়ে এই ধৰণৰ মন্তব্যৰে নাৰী সমাজক অসন্মান কৰিছে৷ অকল সেয়াই নহয়, বিধায়কৰ এনে মন্তব্যই উত্তম নগৰৰ বাসিন্দাসকলকো অপমান কৰা বুলি দাবী কৰিছে বিজেপি মুখপাত্রগৰাকীয়ে৷ আপ বিধায়কগৰাকীক দলৰ পৰা বহিষ্কাৰ কৰিব লাগে বুলি দাবী জনাইছে কাপুৰে৷ এইক্ষেত্রত শীঘ্রে বিধায়ক নৰেশৰ বিৰুদ্ধে আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে পদক্ষেপ গ্রহণ কৰা উচিত বুলি মন্তব্য কৰে বিজেপি নেতাগৰাকীয়ে৷