নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গছ কটা বন্ধ নহ’লে অচিৰেই মৰুভূমি হ’ব দিল্লী মহানগৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৫ জুনঃ কেইদিনমান পূর্বে দেশৰ সর্বকালৰ সর্বোচ্চ তাপমাত্রাৰ অভিলেখ গঢ়িছিল দিল্লীয়ে৷ পাৰাস্তম্ভ উঠিছিল ৫২.৩ ডিগ্রী চেলছিয়াছলৈ৷ পৰৱর্তী সময়ত নাগপুৰত অৱশ্যে সেই অভিলেখ ভংগ হয়৷ ৰাজধানী প্রদূষণৰ দিশটোলৈ লক্ষ্য কৰি বিশেষজ্ঞসকলে ধাৰণা কৰিছে যে অদূৰ ভৱিষ্যতে আটাইতকৈ প্রদূষিত চহৰ হ’ব দিল্লী৷ এই পৰিস্থিতিত নির্বিচাৰ গছ কটা বিষয়টোক লৈ সতর্ক কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে৷ ন্যায়ালয়ৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে যে নতুন প্রজন্মই গছ কটা বন্ধ নকৰিলে অচিৰেই মৰুভূমিত পৰিণত হ’ব দেশৰ ৰাজধানী৷ পূর্বেও ৰাজধানী অৰণ্যৰ সুৰক্ষা নিশ্চিত কৰিবলৈ গঠন কৰা হৈছিল ইণ্টাৰনেল ডিপার্টমেণ্টেল কমিটী৷ কিন্তু পৰিগাঁথনিৰ অভাৱত অৱসৰপ্রাপ্ত ন্যায়াধীশ নাজমি ৱাজিৰিৰ নেতৃত্বাধীন সেই কমিটীয়ে সঠিকভাৱে কাম কৰিব পৰা নাই৷ দিল্লী উচ্চ ন্যায়ালয়ৰ শুনানিত উল্লেখ কৰা হৈছে যে চৰকাৰী কার্যালয়, কর্মী, যাতায়াতৰ সু–ব্যৱস্থা কৰিব নোৱাৰাৰ বাবে কমিটীয়ে কাম আগবঢ়াব পৰা নাই৷ ন্যায়ালয়ৰ তৰফৰ পৰা এই সমস্ত বিষয়বোৰক ১৫ জুনৰ ভিতৰত ব্যৱস্থা গ্রহণ কৰিবলৈ প্রশাসনক নির্দেশ দিয়া হৈছিল৷ মুখ্য বন সংৰক্ষকৰ তৰফৰ পৰা জনোৱা হৈছে যে প্রয়োজন অনুসৰি সহায় কৰা হ’ব কমিটীক৷ দিল্লীৰ প্রদূষণ সম্পর্কীয় এই গোচৰৰ পৰৱর্তী শুনানি হ’ব ২৯ জুলাইত৷ ইফালে সেউজ অৰণ্য ধ্বংসক লৈ উত্তৰ প্রদেশৰ যোগী আদিত্যনাথ চৰকাৰৰ বিৰুদ্ধে ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণ (এনজিটি)ৰ তৰফৰ পৰা গোচৰ ৰুজু কৰা হৈছে৷ স্মর্তব্য যে সমগ্র দেশত এইবাৰ প্রচণ্ড তাপপ্রৱাহত শতাধিক লোকে প্রাণ হেৰুৱাবলগীয়া হৈছে৷

You might also like