নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অষ্টমলানি বৈঠকতো সমাধান নোলাল

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ তিনিখন কৃষি আইন প্রত্যাহাৰৰ দাবীত দিল্লী সীমান্তত ৪০ দিনতকৈ অধিক কাল ধৰি প্রতিবাদ সাব্যস্ত কৰি থকা কৃষক সংগঠনৰ নেতৃত্বই বিজ্ঞান ভৱনত কেন্দ্রীয় চৰকাৰৰ প্রতিনিধিৰ সৈতে আলোচনাত মিলিত হয় যদিও পূর্বৰ সপ্তমলানি আলোচনাৰ দৰে আজি অষ্টমলানি আলোচনাও কোনোধৰণৰ সর্বাত্মক সমাধান অবিহনেই অন্ত পৰিছে৷ আগন্তুক ১৫ জানুৱাৰীত পুনৰ কেন্দ্রীয় চৰকাৰ আৰু প্রতিবাদী কৃষকসকলৰ মাজত আলোচনা হ’ব৷ লক্ষণীয়ভাৱে আলোচনা কালত কেইবাগৰাকীও কৃষক প্রতিনিধিয়ে নিজৰ মেজৰ সন্মুখত ‘হয় মৃত্যু নহয় বিজয়’ বুলি পোষ্টাৰ লিখি থোৱা পৰিলক্ষিত হয়৷

স্মর্তব্য যে তিনিওখন কৃষি আইনৰ প্রতিটো ধাৰা তন্ন তন্নকৈ আলোচনাৰ বাবে কেন্দ্রীয় চৰকাৰে প্রতিশ্রুতি দিছে যদিও আইন তিনিখন বাতিলৰ কোনো বিকল্প নাই বুলি ঘোষণা কৰি আহিছে প্রতিবাদী কৃষক নেতৃত্বই৷ বৈঠকৰ পিছত কেন্দ্রীয় কৃষিমন্ত্রী নৰেন্দ্র সিং টোমৰে উল্লেখ কৰে যে বহু কৃষকে তিনিওখন কৃষি আইনক সমর্থন জনাই আছে৷ আইন তিনিখনক সমর্থন কৰা কৃষক সংগঠনৰ নেতৃত্বই ইচ্ছা কৰিলে চৰকাৰৰ সৈতে আলোচনাত বহিব পাৰিব বুলিও ঘোষণা কৰে মন্ত্রী টোমৰে৷ ইফালে চৰকাৰৰ সৈতে আলোচনাত মিলিত হোৱাৰ পিছতে সংবাদ মাধ্যমৰ সৈতে মত বিনিময়ৰ সময়ত কেইবাগৰাকীও কৃষক প্রতিনিধিয়ে উল্লেখ কৰিছে যে তেওঁলোক পূর্বৰ স্থিতিত অটল হৈ আছে৷ আইন প্রত্যাহাৰ হ’লেহে তেওঁলোকে প্রতিবাদ এৰি ঘৰলৈ যাত্রা কৰিব বুলিও ঘোষণা কৰিছে৷

You might also like