নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বত ২০২০ আছিল আটাইতকৈ উষ্ণ বৰ্ষ

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ গোলকীয় উষ্ণতা বৃদ্ধিয়ে ২০২০ বর্ষটোত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ শেহতীয়াকৈ ইউৰোপীয় সংঘ (ইইউ)ৰ উপগ্রহৰ তথ্য অনুসৰি ২০১৬ বর্ষটোৰ দৰে ২০২০ বর্ষটোও আছিল বিশ্বৰ ভিতৰত আটাইতকৈ উষ্ণ বর্ষ৷ কপাৰনিকাছ ক্লাইমেটছ এণ্ড ছার্ভিচৰ তথ্য অনুসৰি যোৱা বছৰটোত গড় গোলকীয় উষ্ণতা আছিল ১.২৫ ডিগ্রী চেলচিয়াছতকৈ বেছি৷ বতৰ বিজ্ঞানীসকলে সদৰী কৰা অনুসৰি এণ্টার্কটিকা আৰু ছাইবেৰিয়া অঞ্চলত অভাৱনীয় পর্যায়ত বিগত বর্ষটোত উষ্ণতা বৃদ্ধি হৈছিল৷

ইফালে ইউৰোপত যোৱা ১২টা মাহত উষ্ণতা বৃদ্ধিৰ এক নতুন অভিলেখ সৃষ্টি হোৱা বুলি কপাৰনিকাছৰ প্রতিবেদনত প্রকাশ পাইছে৷ ২০১৯তকৈ ২০২০ বর্ষটোত ইউৰোপৰ উষ্ণতা দশমিক ৪ ডিগ্রী চেণ্টিগ্রেড বৃদ্ধি পাইছিল৷ বিশ্ব বতৰ বিজ্ঞান সংস্থাই ২০২০ বর্ষটো পৃথিৱীত তিনিটা আটাইতকৈ উষ্ণ বর্ষৰ অন্যতম হ’ব বুলি পূর্বেই উল্লেখ কৰিছিল৷ পৃথিৱীৰ কক্ষপথত থকা কেইবাটাও উপগ্রহৰ তথ্যৰ ওপৰত পর্যালোচনা চলাই কপাৰনিকাছে উল্লেখ কৰিছে যে ২০২০ বর্ষটোত বিশ্বৰ ন ন অঞ্চলত উষ্ণতা বৃদ্ধিৰ ফলত প্রাকৃতিক পৰিঘটনাও বৃদ্ধি পাইছে৷

লক্ষণীয়ভাৱে যোৱা বছৰটোত বনজুইৰ ঘটনা আছিল পূর্বৰ তুলনাত বেছি৷ বনজুইৰ ফলত এণ্টার্কটিকা অঞ্চলত অভাৱনীয়ভাৱে কার্বন–ড্রাই–ক্সাইড গেছ মজুত হৈছে৷ ইফালে বর্ষটোত মহাসাগৰীয় পৰিঘটনা এল নিন’, লা নিনাও বৃদ্ধি পাইছিল৷ বিশ্ববাসীৰ বাবে গোলকীয় উষ্ণতা বৃদ্ধি ভৱিষ্যৎ দিনত প্রাণঘাতী হৈ পৰিব বুলি সতর্কবাণী কৰিছে কপাৰনিকাছ ক্লাইমেক্স চেঞ্জ ছার্ভিচে৷ কিন্তু এই বিপর্যয়ৰ সময়তো পেৰিছ জলবায়ু চুক্তিৰ চর্তবোৰ পূৰণ কৰা নাই অধিকসংখ্যক দেশে৷

You might also like