নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চালক নিহত, ৮গৰাকী শিক্ষাৰ্থী আহত, বিদ্যালয়ৰ বাহনৰ দুৰ্ঘটনাগ্ৰস্ত

আজি এটি দুখজনক দুৰ্ঘটনা সংঘটিত হয়। আজি পুৱা ওড়িশাৰ কেন‌ঝাৰ জিলাৰ ৰামচন্দ্ৰপুৰ থানাৰ অন্তৰ্গত চাইনকুলা অঞ্চলত একখন বিদ্যালয়ৰ বাহনৰ চালক নিহত হয় আৰু বিদ্যালয়ৰ ৮গৰাকী ছাত্ৰ-ছাত্ৰী আহত হয়।

প্ৰাপ্ত খবৰ অনুসৰি, একখন বলেৰো গাড়ীত ছাত্ৰ-ছাত্ৰীৰে ভৰ্তি হৈ জেভিয়াৰ স্কুললৈ গৈ আছিল। যাত্ৰাৰ মাজতেই দ্ৰুতগতিত আহি থকা ট্ৰাকে গাড়ীখনক খুন্দা মাৰে শিক্ষাৰ্থীভৰ্তি বলেৰোখনক। ফলস্বৰূপে বলেৰোৰ চালকজনে ঘটনাস্থলীতে মৃত্যুবৰণ কৰে আৰু ভিতৰত থকা ৮গৰাকী ছাত্ৰ-ছাত্ৰী আহত হয়।

ঘটনাটোৰ পাছত স্থানীয় লোক ঘটনাস্থলীত দৌৰি আহে, আহত শিশুসকলক উদ্ধাৰ কৰি চাইনকুলাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে চিকিৎসাৰ বাবে।

এই ঘটনাই স্থানীয় লোকসকলৰ মাজত গভীৰ শোকৰ সৃষ্টি কৰিছে।

Niyomiya Barta Desk, Date of published : 30 June, 2025

You might also like