এদিনতে চাৰিটা : সঘন ভূমিকম্পত ত্ৰস্তমান জম্মু-কাশ্মীৰ
বিশেষ বাৰ্তা, ১৪ জুনঃ জম্মু-কাশ্মীৰৰ ডোডা জিলাত হোৱা ভূমিকম্পৰ এদিন পিছত আজি জম্মু অঞ্চলত মুঠ চাৰিটা কঁপনি অনুভূত হয়। সঘনাই হোৱা ভূমিকম্পৰ ফলত নাগৰিকৰ মাজত আতংক বিয়পি পৰিছে। ভূমিকম্পৰ কম্পনৰ পিছত প্ৰশাসনে ডোডা আৰু কিষ্টৱাৰৰ শিক্ষানুষ্ঠান বন্ধ কৰি দিছে। বিষয়াসকলে জনোৱা মতে, এতিয়ালৈকে ভূমিকম্পৰ ফলত প্ৰাণ বা সা-সম্পত্তিৰ ক্ষতিৰ কোনো তথ্য পোৱা নাই। আজি পুৱা ৮.২৯ বজাত কিস্তৱাৰত ৩.৩ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হয়। নেচনেল চেণ্টাৰ ফৰ ছিজম’লজি (এন চি এছ)ৰ তথ্য অনুসৰি ইয়াৰ কেন্দ্ৰবিন্দু আছিল পাঁচ কিলোমিটাৰ গভীৰতাত। ইয়াৰ পূৰ্বে ডোডাত পুৱা ৭.৫৬ বজাত ৩.৫ প্ৰাবল্যৰ কম্পন সংঘটিত হোৱাৰ লগতে ১০ কিলোমিটাৰ গভীৰতাত আছিল ভূমিকম্পৰ কেন্দ্ৰ। ইফালে গভীৰ নিশাও আৰু দুটা ভূমিকম্প হয়। তথ্য অনুসৰি পুৱা ২.২০ বজাত ডোডা জিলাত ১০ কিলোমিটাৰ গভীৰতাত ৪.৩ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হয়। এনচিএছৰ তথ্য অনুসৰি ২.৮ প্ৰাবল্যৰ দ্বিতীয়টো ভূমিকম্পৰ ফলত ৰিয়াছি জিলাৰ কাট্ৰাৰ পৰা ৭৪ কিলোমিটাৰ পূবে পুৱা ২.৪৩ বজাত সংঘটিত হয়। ইয়াৰ কেন্দ্ৰ আছিল পাঁচ কিলোমিটাৰ গভীৰতাত। ডোডা জিলাত ৫.৪ প্ৰাবল্যৰ ভূমিকম্পৰ এদিন পিছতে এই চাৰিটা কম্পন অনুভৱ কৰা হয়। যাৰ ফলত কিছুমান অট্টালিকা ক্ষতিগ্ৰস্ত হয় আৰু কমেও পাঁচজন লোক আহত হয়। দিল্লীকে ধৰি উত্তৰ ভাৰতৰ বহু ঠাইত আৰু চুবুৰীয়া দেশ পাকিস্তানতো ভূমিকম্পৰ কম্পন অনুভৱ হয়। ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই জনোৱা মতে, দিনৰ ১.৩৩ বজাত ৫.৪ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হয়, যাৰ ভূমিকম্পৰ কেন্দ্ৰ ছয় কিলোমিটাৰ গভীৰতাত। বিষয়াসকলে জনাইছিল যে ডোডা, ভাদেৰৱাহ আৰু গাণ্ডোহৰ কম্পনৰ বাবে শ শ অট্টালিকাত ফাট মেলিছে। ভাদেৰৱাহৰ অতিৰিক্ত উপ আয়ুক্তই জনোৱা মতে, ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ জিলা দণ্ডাধীশে সকলো বিদ্যালয় বন্ধ কৰাৰ নিৰ্দেশ দিছে। পৰিস্থিতি অধিক ভয়াৱহ হ’ব পাৰে বুলি ৰাইজক আতংকিত নহ’বলৈ আহ্বান জনাইছে এডিচিয়ে। তেওঁ ৰাইজক কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা ৰোধৰ বাবে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে।