নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জম্মু-কাশ্মীৰৰ অনন্তনাগত পথ দুৰ্ঘটনাত ৮ লোকৰ শোকাৱহ মৃত্যু

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ জুলাইঃ জম্মু-কাশ্মীৰৰ অনন্তনাগত সংঘটিত হৈছে এক ভয়ানক পথ দুৰ্ঘটনা। উক্ত দুৰ্ঘটনাত ৮জন লোকৰ মৃত্যু। এই মৃতসকলৰ ভিতৰত পাঁচটা শিশুও আছে। এই দুৰ্ঘটনা সংঘটিত হয় দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ কোকেৰনাগৰ ডাকছুম অঞ্চলৰ সমীপত। আৰক্ষীয়ে জনোৱা মতে, জম্মু অঞ্চলৰ কিষ্টৱাৰৰ পৰা আহি থকা পঞ্জীয়ন নম্বৰ JK03H9017ৰ ছুমোখনে নিয়ন্ত্ৰণ হেৰুৱাই ডাকছুমৰ সমীপত পথৰ পৰা বাগৰি পৰে। এই দুৰ্ঘটনাত ৮জন লোকৰ মৃত্যু হয়, য’ত ৫টা শিশু, দুগৰাকী মহিলা আৰু এজন পুৰুষ (আৰক্ষী) আছে। ইফালে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে।

You might also like