শত্ৰুপক্ষক শ’লঠেকত পেলাবলৈ Agni-5 missile-ৰ শক্তি বৃদ্ধি
খবৰ অনুসৰি, এই মিছাইলটোৱে প্ৰায় ৭,৫০০ কিলোগ্ৰাম ওজনৰ ৱাৰহেড বহন কৰিব, যি ৮০-১০০ মিটাৰ গভীৰলৈ ভেদ কৰিব পাৰে।
ভাৰতে এতিয়া নিজৰ শক্তিশালী Agni-5 missile-ৰ এটা নতুন সংস্কৰণ নিৰ্মাণ কৰিছে, যিটো বিশেষভাৱে গভীৰভাৱে শত্রু লক্ষ্য ধ্বংস কৰিবলৈ ডিজাইন কৰা হৈছে। India Today-এ প্ৰকাশ কৰা খবৰ অনুসৰি, এই উন্নত মিছাইলটোৱে ডাঙৰ শক্তিসম্পন্ন ৱাৰহেড বহন কৰিব পাৰিব আৰু শক্তিশালী আণ্ডাৰগ্ৰাউণ্ড ব্যৱস্থাও ভেদ কৰিব পাৰিব।
DRDO-ৰ নতুন প্ৰয়াস
ৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO)য়ে Agni-5 missile আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল (ICBM)টো বাংকাৰ-ধ্বংসকাৰী অস্ত্ৰলৈ ৰূপান্তৰ কৰাৰ কাম চলাই আছে। খবৰ অনুসৰি, এই মিছাইলটোৱে প্ৰায় ৭,৫০০ কিলোগ্ৰাম ওজনৰ ৱাৰহেড বহন কৰিব, যি ৮০-১০০ মিটাৰ গভীৰলৈ ভেদ কৰিব পাৰে।
এই উন্নয়নে ভাৰতৰ মিছাইল সক্ষমতাৰ ক্ষেত্ৰত এক ডাঙৰ পৰিৱর্তন আনিব। এতিয়ালৈকে ভাৰতৰ অধিকাংশ মিছাইল পৃষ্ঠ-লক্ষ্য ধ্বংসৰ বাবে আছিল, কিন্তু এই নতুন সংস্কৰণটো বাঙ্কাৰ, কমাণ্ড চেণ্টাৰ, মিছাইল চাইলো আৰু নিউক্লিয়াৰ ইন্সটলেশ্যন-সমূহৰ নিচেই তলৰ অংশত আঘাত হানিব পাৰে।
আমেৰিকাৰ পদক্ষেপৰ পিছত
এই বিকাশৰ সময়ত আমেৰিকাই ২২ জুন তাৰিখে ইৰানৰ নিউক্লিয়াৰ ছাইটত Massive Ordnance Penetrator (MOP) বোমাৰ ব্যৱহাৰেৰে আকস্মিক বিমান আক্ৰমণ চলাইছিল। B-2 বম্বাৰ ব্যৱহাৰ কৰি ফোৰ্ড’ৱ, ইছ্ফাহান আৰু নাটান্জৰ পৰমাণু কেন্দ্ৰত বাঙ্কাৰ-বাষ্টাৰ বোমা নিক্ষেপ কৰা হৈছিল।
যদিও আমেৰিকাই বৃহৎ আৰু ব্যয়বহুল বিমানেৰে এই বোমাবোৰ পঠিয়ায়, ভাৰতে মিছাইল-ভিত্তিক ব্যৱস্থা গঢ়ি তোলাৰ পথ বাছি লৈছে, যিটো বেছি ফ্লেক্সিবল আৰু দ্ৰুত প্ৰতিক্ৰিয়া যোগান ধৰিব।
দুটা সংস্কৰণ সাজু
প্ৰতিবেদন অনুসৰি, আগ্নি-৫ মিছাইলৰ দুটি নতুন সংস্কৰণ উন্নয়নৰ অধীনত আছে—
-
এয়াৰবাৰ্ষ্ট (Airburst) সংস্কৰণ – পৃষ্ঠ-লক্ষ্যত বিস্ফোৰণ হোৱাৰ বাবে
-
ডিপ পেনেট্ৰেশ্বন (Deep-penetration) সংস্কৰণ – আণ্ডাৰগ্ৰাউণ্ড লক্ষ্যত আঘাত কৰিবৰ বাবে
উভয় সংস্কৰণেই হাইপাৰছনিক গতিৰে চলিব যদিও এই উন্নত মিছাইলসমূহৰ ৰেঞ্জ কিছু হ্ৰাস পাব (প্ৰায় ২,৫০০ কিলোমিটাৰলৈ), কিয়নো ইয়াৰ মুখ্য লক্ষ্য দূৰত্ব ভিত্তিক ভয় সৃষ্টি নহয়, বৰঞ্চ সঠিক লক্ষ্যত আঘাত হানিব পৰা সক্ষমতা বৃদ্ধি কৰা।
Niyomiya Barta Desk, Date of published : 1 July, 2025