নিউজ ডেস্ক, ২০ মাৰ্চঃ এক শোকাৱহ ঘটনা৷ উত্তৰ প্রদেশৰ কানপুৰৰ সমীপৰ ৰাৱালপুৰত পোহনীয়া কুকুৰৰ হাতত প্রাণ হেৰুৱালে এগৰাকী ৯০ বছৰীয়া মহিলাই৷ জার্মান ছেফার্ড মৰমৰ কুকুৰটোৱে ৯০ বছৰীয়া মহিলাগৰাকীক তেওঁৰ বাসগৃহৰ বাৰাণ্ডাত উপর্যুপৰি আক্রমণ কৰাৰ ফলত গুৰুতৰভাৱে আহত হয়৷
পোহনীয়া কুকুৰটোৰ আঘাত মূৰ, মুখমণ্ডল, পাকস্থলী আৰু হাতত হয়৷ আঘাতপ্রাপ্ত মহিলাগৰাকীক কানপুৰৰ লালা ৰাজপট ৰায় হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মহিলাগৰাকীক মৃত বুলি ঘোষণা কৰে৷ মোহিনী ত্রিবেদী নামৰ মহিলাগৰাকীয়ে বিগত বছৰ বছৰ ধৰি পুহিছিল জার্মান ছেফার্ড কুকুৰটো৷ এই ঘটনা সন্দর্ভত মহিলাগৰাকীৰ নাতি ধীৰ প্রশান্ত ত্রিবেদীয়ে প্রকাশ কৰা মতে সম্প্রতি এই কুকুৰটো কানপুৰ পৌৰ নিগমৰ পশু চিকিৎসা বিভাগত ৰাখিছে৷ কুকুৰটো পৰিয়ালৰ লোকক গতাই দিবলৈ নিগমৰ ওচৰত অনুপতি–পত্র দাখিল কৰিছে৷ প্রশ্ণ উত্থাপন হৈছে এই কুকুৰটো নিগমে পৰিয়ালৰ লোকক গতাই দিবনে? ইতিমধ্যে কুকুৰটোৰ স্বাস্থ্য পৰীক্ষাও কৰা হৈছে৷