নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষক আন্দোলনত উচতনি! আৰু ১১০০ টা ‘পাকিস্তানী’ টুইটাৰ হেণ্ডেল বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

নিয়মীয়া বার্তা, ৮ ফেব্রুৱাৰীঃ পাকিস্তানৰ পৰা কৃষক আন্দোলনক উচতনি দিয়া হৈছে! বিভ্ৰান্তি বৃদ্ধি কৰিবলৈ ভুল তথ্যও বিয়পি আছে! কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বাবে অভিযুক্ত ১১০০ টা টুইটাৰ একাউণ্টৰ ব্লকৰ নিৰ্দেশ দিছিল। অভিযোগ অনুসৰি একাউণ্টবোৰ পাকিস্তানৰ পৰা পৰিচালনা কৰা হৈছে।

সংবাদ সংস্থা এএনআইৰ মতে, কেন্দ্ৰীয় চৰকাৰে ৪ ফেব্ৰুৱাৰীত মাইক্ৰ’ব্লগিং ছাইট কৰ্তৃপক্ষলৈ বিভিন্ন টুইটাৰ একাউণ্টৰ তালিকা প্ৰেৰণ কৰিছে। তাত প্ৰায় ১১৭৮ টা একাউণ্টৰ লিংক দিয়া হৈছিল। কেন্দ্ৰই অভিযোগ কৰিছিল যে এই টুইটাৰ একাউণ্টবোৰৰ পৰা কৃষক আন্দোলনৰ বিষয়ে বিভ্ৰান্তিকৰ আৰু উচতনিমূলক তথ্য প্ৰদান কৰা হৈছে। অৱশ্যে, টুইটাৰ কৰ্তৃপক্ষই এতিয়াও এই বিষয়টোৰ ওপৰত মন্তব্য কৰা নাই।

কৃষক আন্দোলনক (Farmers Protest) লৈ #ModiPlanningFarmerGenocide হেচটেগ যোগ কৰি একাধিক ভুৱা আৰু উচতনিমূলক টুইট সৰৱ হৈ উঠেছিল। কৃষক আন্দোলনক উচতনি দিয়াৰ  অভিযোগত পূৰ্বেই ২৫৭টা একাউন্টৰ তালিকা টুইটাৰ কর্তৃপক্ষলৈ পঠিয়াইছিল কেন্দ্রীয় চৰকাৰে। সাময়িকভাবে একাউন্টসমূহক নিষিদ্ধ কৰে মাইক্র ব্লগিং চাইটটোয়ে। অৱশ্যে, পিছত টুইটাৰ কৰ্তৃপক্ষৰ দ্বাৰা নিষেধাজ্ঞা প্ৰেৰণ কৰা হৈছিল।

You might also like