নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মধুমেহ-হৃদৰোগ-যকৃতকে ধৰি ভিন্ন ৰোগৰ ৪১বিধ ঔষধৰ মূল্য হ্রাস কেন্দ্ৰৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ মে’ : লোকসভা নির্বাচন চলি থকাৰ মাজতে কেইবাটাও ৰোগৰ ঔষধৰ দাম হ্রাস কৰিছে৷ বিগত দিন ধৰি ঔষধৰ আকাশলংঘী দামক লৈ চৰকাৰ সমালোচনাৰ সন্মুখীন হৈ থকাৰ সময়তে কালি কেন্দ্রীয় চৰকাৰে মধুমেহ, হূদৰোগ, যকৃতকে ধৰি কেইবাটাও ৰোগৰ সচৰাচৰ ব্যৱহৃত ৪১বিধ ঔষধৰ মূল্য হ্রাস কৰা হৈছে৷ ডিপার্টমেণ্ট অৱ ফার্মাচিউটিকেল এণ্ড নেচনেল ফার্মাচিউটিকেল প্রাইচিং অথৰিটী (এনপিপিএ)য়ে নির্দেশনাযোগে ৪১বিধ ঔষধৰ মূল্য হ্রাস কৰা হৈছে বুলি ঘোষণা কৰা হৈছে৷ এই দামবৃদ্ধি কৰা ৪১বিধ ঔষধৰ ভিতৰত মধুমেহ, গাৰ বিষ, শ্বাস–প্রশ্বাসজনিত সমস্যা, যকৃতৰ ৰোগ, এণ্টাচিড, ইনফেকচন, এলার্জীকে ধৰি বিভিন্ন ৰোগৰ ঔষধ আছে৷ মন কৰিবলগীয়া যে ভাৰতবর্ষত সম্প্রতি ১০ কোটিতকৈ অধিক মধুমেহ ৰোগী আছে৷ বিশ্বৰ ভিতৰতে সর্বাধিক মধুমেহ ৰোগী থকা ভাৰতত মধুমেহ ৰোগৰ চিকিৎসাৰ বাবে ইনছুলিনকে ধৰি বিভিন্ন ঔষধৰ ওপৰত নির্ভৰশীল হৈ আছে৷ এনে পৰিপ্রেক্ষিততেই কেন্দ্রীয় চৰকাৰে মধুমেহ ৰোগৰ ঔষধৰ মূল্য হ্রাস কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে বুলি এনপিপিএৰ বিবৃতিত প্রকাশ পাইছে৷ মধুমেহ ৰোগৰ ব্লাড গ্লুকজৰ পৰিমাণ হ্রাস কৰিবলৈ ব্যৱহাৰ কৰা ঔষধৰ মূল্য অর্থাৎ এটা টেবলেটৰ মূল্য ৩০ টকাৰ পৰা ১৬ টকালৈ হ্রাস কৰা হৈছে৷ এজমা আৰু হাঁওফাঁওৰ ৰোগৰ ক্ষেত্রত ব্যৱহূত হৈ থকা এটা ড’জৰ মূল্য ৬.৬২ টকাকৈ হ্রাস কৰা হৈছে৷ অর্থাৎ ১২০টা ড’জ থকা বটলটোত এতিয়াৰে পৰা মূল্য হ’ব ৩,৮০০ টকা৷ হাইড্র’ক্ল’ৰ’থিয়াজাইড টেবলেটৰ মূল্য ১১.০৭ টকাৰ পৰা ১০.৪৫ টকালৈ হ্রাস কৰা হৈছে৷ ছেফটাজিডিন আৰু এভিবেক্টাম পাউডাৰৰ মূল্য এটা ভায়েলত ১,৫৬৯.৯৪ টকা নির্ধাৰণ কৰা হৈছে৷ পূর্বতে ইয়াৰ মূল্য আছিল ৪,০০০ টকা৷ এণ্টাচিড এণ্টিগেছ জেলৰ মূল্য প্রতি মিলিলিটাৰত ২.৫৭ টকাৰ পৰা ০.৫৬ টকালৈ হ্রাস কৰা হৈছে৷ আনপিনে প’ভিডন–আয়’ডিন আৰু অর্নিডেজল অইনমেণ্টৰ মূল্য পূর্বতে ৭০ টকাৰ বিপৰীতে এতিয়া ১ গ্রামত ৪ টকা ধার্য কৰা হৈছে৷ এই ঔষধৰ মূল্য হ্রাস কৰাৰ সিদ্ধান্ত গ্রহণ কৰাৰ পিছতে এনপিপিএ ঔষধ কোম্পানীসমূহক উল্লেখিত ঔষধসমূহ প্রস্তুত কৰাৰ সময়ত ব্যয় সংকোচনৰ ওপৰত গুৰুত্ব দিবলৈ পৰামর্শ আগবঢ়াইছে৷

You might also like