নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষাত খৰচ কৰা ধনৰ দুগুণ বিয়াত ব্যয় ভাৰতীয়ৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ জুনঃ ভাৰতীয় লোকসকলে সন্তানৰ বিয়াৰ নামত যিমান ধন খৰচ কৰে, তাৰ আধাও ধন খৰচ নকৰে সন্তানক শিক্ষিত কৰাৰ ক্ষেত্রত৷ অর্থাৎ শিক্ষাত খৰচ হোৱা ধনৰ দুগুণ ধন বিয়াত খৰচ কৰে ভাৰতীয় লোকসকলে৷ শেহতীয়াকৈ এক প্রতিবেদনত এই তথ্য পোহৰলৈ আহিছে৷ ভাৰতত বিয়াক কেন্দ্র কৰি যি বজাৰ গঢ়ি উঠিছে, তাৰ পৰিমাণ দেখিলে চকু কপালত উঠিব৷ আমেৰিকাৰ বিয়াৰ বজাৰতকৈ প্রায় দুগুণ ভাৰতৰ বিয়াৰ বজাৰ৷ ভাৰতৰ বিয়াৰ বজাৰখন হৈছে বছৰি ১০.৭ লাখ কোটি টকা৷ অৱশ্যে চীনৰ বিয়াৰ বজাৰ ভাৰততকৈও বিশাল৷ পৰিসংখ্যা অনুসৰি ভাৰতত বিয়াত গড়ে প্রায় ১২ লাখ টকা খৰচ কৰে পৰিয়ালসমূহে৷ কিন্তু সন্তানৰ শিক্ষাৰ ক্ষেত্রত পাঁচ লাখ টকাও খৰচ কৰিবলৈ টান পায় ভাৰতীয় পৰিয়ালে৷ বিলাসবহুল বিয়াসমূহত ভাৰতত গড়ে  ২০ৰ পৰা ৩০ লাখ টকা খৰচ হয়৷ এই বিয়াসমূহ অভিজাত হোটেলত আয়োজন কৰাৰ উপৰি কেটাৰিং, ডেকোৰেচন, বিনোদনমূলক অনুষ্ঠানৰ বাবে বৃহৎ পৰিমাণৰ ধনৰাশি খৰচ কৰা হয়৷ অর্থাৎ বিবাহ অনুষ্ঠানৰ লগত আনুষংগিকভাৱে অন্য ৫-৬টা অনুষ্ঠানত ধন খৰচ কৰে ভাৰতীয় লোকসকলে৷

You might also like