জে’লতেই মৃত্যু শতাধিক নাৰী ধর্ষণকাৰী ‘জেলেপি বাবা’ৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ মে’ : মানুহৰ বিশ্বাসৰ সুযোগ লৈ ১২০গৰাকীতকৈ বেছি মহিলাক ধর্ষণ কৰিছিল হাৰিয়ানাৰ ‘জেলেপি বাবা’ই৷ স্বয়ম্ভু ভগৱান ‘জেলেপি বাবা’ এই ধর্ষণৰ অপৰাধত ১৪ বছৰৰ কাৰাদণ্ডৰ সন্মুখীন হ’বলগীয়া হয়৷ অৱশেষত কাৰাগাৰতেই মৃত্যু হ’ল সাধুৰ বেশ ধৰি অপৰাধ সংঘটিত কৰা হিছাৰৰ এই ‘চয়তান’ৰ৷ প্রকৃত নাম আছিল বিল্লুৰাম৷ কিন্তু ভক্তসকলৰ বাবে ‘জেলেপি বাবা’ হিচাপে পৰিচিত আছিল এই বিল্লুৰাম৷ ২০১৮ চনত প্রথমবাৰৰ বাবে সংবাদ শিৰোনামলৈ আহে এই স্ব–ঘোষিত ধর্মগুৰু৷ উল্লেখনীয় যে পঞ্জাবৰ মনছা অঞ্চলৰ বাসিন্দা বিল্লুৰামে জীৱনৰ আৰম্ভণিতে ঠেলাগাড়ী চলাইছিল৷ ইয়াৰ পিছত হাৰিয়ানালৈ আহি জেলেপিৰ কাৰিকৰ হিচাপে জীৱিকা আৰম্ভ কৰে বিল্লুৰামে৷ ইয়াৰ পিছতে নিজকে স্ব-ঘোষিত ধর্মগুৰু বুলি ঘোষণা কৰি হাৰিয়ানাৰ হিছাৰ জিলাত কৌশলেৰে কম দিনৰ ভিতৰতে প্রতিপত্তি গঢ়ি তোলে বিল্লুৰামে৷ জেলেপি বিক্রীৰ সূত্র ধৰিয়েই বিল্লুৰামৰ নাম হৈ পৰে ‘জেলেপি বাবা’৷ অঞ্চলটোত এখন আশ্রমো খোলে বিল্লুৰামে৷ এই আশ্রমৰ পৰাই বিল্লুৰামে আৰম্ভ কৰে কু–কার্য৷ সুন্দৰী, কম বয়সীয়া কোনো মহিলা ভক্ত ‘জেলেপি বাবা’ৰ ওচৰলৈ আহিলে সেই ভক্তই বাবাৰ লালসাৰ পৰা নিষ্ঠাৰ পোৱা নাছিল৷ চাহৰ সৈতে ড্রাগ্ছ মিহলি কৰি মহিলাসকলক খুৱাই সংজ্ঞাহীন কৰে ‘জেলেপি বাবা’ই৷ ইয়াৰ পিছত সেই মহিলাৰ ওপৰত চলে যৌন নির্যাতন৷ ধর্ষণৰ লগতে এনে ঘটনাৰ ভিডিঅ’ প্রস্তুত কৰি মহিলাসকলক ব্লেকমেইল কৰিবলৈ ধৰে বিল্লুৰামে৷ এনে এক ভিডিঅ’ ছ’চিয়েল মিডিয়াত মুকলিৰ পিছতেই আৰক্ষীৰ জালত পৰে বিল্লুৰাম৷