নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইপিএলৰ প্লে’অফৰ দৌৰৰ পৰা বাহিৰ পঞ্জাব কিংছ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ মে’ : পঞ্জাব কিংছে দ্বিতীয়টো দল হিচাপে চলিত আইপিএলৰ প্লে’অফৰ দৌৰৰ পৰা বাহিৰ হয়৷ বৃহস্পতিবাৰে ধৰমশালাত অনুষ্ঠিত বিজয় অপৰিহার্য মেচখনত পঞ্জাব কিংছে ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ হাতত ৬০ ৰানত পৰাস্ত হয়৷ মেচখনত বিজয় সাব্যস্ত কৰি আৰচিবিয়ে প্লে’অফত প্রৱেশৰ আশা সজীৱ কৰি তুলিছে৷ ১২খন মেচৰ পৰা ১০ পইণ্ট সংগ্রহ কৰি পইণ্ট তালিকাৰ সপ্তম স্থানত আছে আৰচিবি৷ বিপৰীতে পঞ্জাবে ১২খন মেচৰ পৰা ৮ পইণ্ট সংগ্রহ কৰি নৱম স্থানত আছে৷ মেচখনত বেংগালুৰুৱে জয়ৰ বাবে বান্ধি দিয়া ২৪২ ৰানৰ বৃহৎ লক্ষ্য অনুসৰণ কৰিবলৈ আহি ৰিলী ৰ’ছ’উৰ দর্শনীয় ৬১ আৰু শশাংক সিঙৰ ৩৭ ৰানৰ সহায়ত পঞ্জাবে ১৭ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৮১ ৰানহে কৰে৷ বেয়াৰষ্ট’ৱে ২৭ আৰু অধিনায়ক ছেম কৰনে ২২ ৰানৰ অৰিহণা আগবঢ়ায়৷ দলটোৰ ৭গৰাকী বেটাৰে দশকৰ ঘৰ স্পর্শ কৰাত ব্যর্থ হয়৷ আৰচিবিৰ হৈ মহম্মদ চিৰাজে তিনিটা, স্বপ্ণীল সিং ল’কি ফার্গুুছন আৰু কর্ণ শর্মাই দুটাকৈ উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি বিৰাট কোহলিৰ দুর্দান্ত ৯২, ৰজত পাটিদাৰৰ ৫৫ আৰু কেমেৰন গ্রীনৰ  ৪৬ ৰানৰ সহায়ত বেংগালুৰুৱে নির্ধাৰিত ২০ অভাৰত ৭ উইকেটত ২৪১ ৰান কৰে৷ কোহলিৰ ৪৭টা বলৰ ইনিংছটোত আছিল ৭টা চাৰি আৰু ৬টা ছয়৷ ইফালে গ্রীনে ২৭টা বলত ইনিংছটো সজোৱাৰ বিপৰীতে পাটিদাৰে ২৩ টা বলত দর্শনীয় ইনিংছটো খেলে৷

You might also like