নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইডিৰ হাতত গ্ৰেপ্তাৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩১ জানুৱাৰীঃ  ঝাৰখণ্ডত বৃহৎ ৰাজনৈতিক আলোড়ন। আজি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে হেমন্ত ছোৰেনে। লগে লগে কিছু সময়ৰ পিছতে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই তেওঁক গ্ৰেপ্তাৰ কৰে। দুপৰীয়া প্ৰায় ১.৩০ বজাত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত ইডিয়ে জেৰা আৰম্ভ কৰে। গ্ৰেপ্তাৰ ঘটনাক্ৰম এনেধৰণৰ- নিশা ৮.৩০ মান বজাত ৰাজভৱনত উপস্থিত হৈ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে ছোৰেনে। ৰাজ্যপালে পদত্যাগপত্ৰ গ্ৰহণ কৰিছে। পদত্যাগ কৰাৰ ঠিক পিছতেই তেওঁক ইডিয়ে গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ কিছু সময়ৰ পূৰ্বে ঝাৰখণ্ডৰ মুখ্য সচিব আৰু ডিজিপি মুখ্য কাৰ্যালয়ত উপস্থিত হয়। ইয়াত কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। ৰাঁচীত আৰক্ষীক সষ্টম কৰি ৰখা হৈছে। ইডি কাৰ্যালয়, ৰাজভৱন আৰু মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সমীপত ১৪৪ ধাৰা জাৰি কৰা হৈছে। এতিয়া হেমন্ত ছোৰেনৰ ঘনিষ্ঠ চম্পাই ছোৰেন ঝাৰখণ্ডৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব। হেমন্ত ছোৰেনক জেৰাৰ মাজতে তেওঁ বিধায়িনী দলৰ নেতা নিৰ্বাচিত হয় আৰু ইয়াৰ সৈতে জড়িত চিঠিখন লৈ তিনিখন বাছত আটাইকেইজন বিধায়কে ৰাজভৱন পায়। পত্ৰখনত ৪৭গৰাকী বিধায়কৰ স্বাক্ষৰ আছে। ইডিৰ জিম্মাত থকাৰ সময়তে ছোৰেনে ৰাজভৱনত উপস্থিত হৈ পদত্যাগ কৰে। ইয়াৰ পিছত ইডিৰ দলটোৱে ছোৰেনক নিজৰ কাৰ্যালয়লৈ লৈ যায়। চম্পাই ছোৰেনৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ দৌৰত হেমন্ত ছোৰেনৰ পত্নী কল্পনা ছোৰেনৰ নাম আছিল। কিন্তু কল্পনাক লৈ পৰিয়ালৰ ভিতৰতে প্ৰতিবাদৰ কণ্ঠ উত্তাল হ’বলৈ ধৰিলে। সংবাদ সংস্থা পিটিআইৰ মতে, ঝাৰখণ্ড মুক্তি মৰ্চাৰ বিধায়িকা তথা দলীয় অধ্যক্ষ শিবু ছোৰেনৰ জ্যেষ্ঠ বোৱাৰী সীতা ছোৰেনে কল্পনা ছোৰেনক মুখ্যমন্ত্ৰী হিচাপে লোৱা যিকোনো পদক্ষেপৰ বিৰোধিতা কৰিব বুলি মুকলিকৈ কয়। সীতা ছোৰেন শিবু ছোৰেনৰ জ্যেষ্ঠ পুত্ৰ প্ৰয়াত দুৰ্গা ছোৰেনৰ পত্নী। মঙলবাৰে যেতিয়া বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হৈছিল তেতিয়া সীতা ছোৰেন উপস্থিত নাছিল। ইয়াৰ পিছতে আৰম্ভ হ’ল ক্ষোভৰ জল্পনা-কল্পনা। কল্পনা ছোৰেন বিধায়িকা নহয় আৰু জেএমএমৰ বিধায়িনী দলৰ বৈঠকত তেওঁ উপস্থিত আছিল। কল্পনাক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ জল্পনা-কল্পনাৰ মাজতে সীতা ছোৰেনে কয় যে দলৰ বহু জ্যেষ্ঠ নেতা আছে যাৰ হাতত বাঘজৰী অৰ্পণ কৰিব পাৰি। যদি তেওঁলোকে এটা পৰিয়ালৰ পৰা নিৰ্বাচন কৰিব বিচাৰে তেন্তে সদনত মই সৰ্বাধিক জ্যেষ্ঠ আৰু প্ৰায় ১৪ বছৰ ধৰি বিধায়ক হৈ আছোঁ। পৰিয়ালত প্ৰতিবাদৰ কণ্ঠ উত্তাল হোৱাৰ লগে লগে বিধায়িনী দলৰ বৈঠকত চেৰাইকেলা আসনৰ পৰা বিধায়ক চম্পাই ছোৰেনক নেতা হিচাপে নিৰ্বাচিত হয়। চম্পাই ঝাৰখণ্ড মুক্তি মৰ্চাৰ উপ-সভাপতি। ৰাজভৱন এৰি যোৱাৰ পিছত চম্পাই ছোৰেনে কয় যে আমি চৰকাৰ গঠনৰ দাবী বাজিত ৰাখিছো। আমাৰ হাতত আছে ৪৭জন বিধায়কৰ সমৰ্থন আছে। শপত লবলৈ এতিয়াও সময় নাই। সোমবাৰে নতুন দিল্লীৰ শান্তি নিকেতনত থকা হেমন্ত ছোৰেনৰ বাসগৃহত ইডিয়ে অভিযান চলাইছিল।

You might also like