ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ দিল্লীৰ বাসগৃহত ইডি
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ জানুৱাৰীঃ ধন সৰবৰাহৰ গোচৰত আজি পুৱা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ দিল্লীৰ বাসগৃহত উপস্থিত হয় এনফৰ্চমেণ্ট ডিৰেক্টৰেট (ইডি)। এই বিষয়ত মুখ্যমন্ত্ৰী ছোৰেনক জেৰা কৰিব পাৰে ইডিৰ বিষয়াই। ইয়াৰ পূৰ্বে ২০ জানুৱাৰীত কেন্দ্ৰীয় সংস্থা ইডিয়ে ধন সৰবৰাহৰ গোচৰত মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ বাসগৃহত তেওঁৰ বক্তব্য ৰেকৰ্ড কৰিছিল। ইয়াৰ পিছত সেইদিনা জেৰা সম্পূৰ্ণ নোহোৱাৰ বাবে নতুনকৈ চমন জাৰি কৰা হয়। সংস্থাটোৰ মতে, এই তদন্ত ঝাৰখণ্ডৰ মাফিয়াই মাটিৰ মালিকীস্বত্বৰ অবৈধ পৰিৱৰ্তনৰ বৃহৎ ৰেকেটৰ সৈতে জড়িত। ইয়াৰ পূৰ্বে ইডিয়ে ২৯ৰ পৰা ৩১ জানুৱাৰীৰ ভিতৰত ভূমি চুক্তিৰ কেলেংকাৰিত হেমন্ত ছোৰেনক জেৰাৰ বাবে সময় বিচাৰিছিল।