নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোটেল ৰেডিছন ব্লুত অসম চাহৰ দ্বিশতবার্ষিকী আন্তর্জাতিক সন্মিলন

২৪খন দেশৰ ৪০০জনৰো অধিক প্রতিনিধিয়ে কৰিব অংশগ্রহণ
অসমৰ চাহৰ গৌৰৱময় ২০০ বছৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ জানুৱাৰীঃ চিংফৌ ৰজা বিচা গামৰ আখলৰ পৰা ব্রিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ইংৰাজ চাহাব ৰবার্ট ব্রুছৰ অনুসন্ধিৎসু মনৰ মাজেৰে ১৮২৩ চনত বিশ্বজয়ী যাত্রা আৰম্ভ হৈছিল অসমৰ চাহৰ৷ অসমীয়া সাধাৰণ মানুহে বুজি পোৱাৰ আগতেই বিজ্ঞান–প্রযুক্তিবিদ্যা দুর্বল দিনবোৰতো দূৰদর্শী ব্রিটিছে বুজি উঠিছিল অসমৰ মূল্যৱান কেঁচা সোণৰ বাণিজ্যিক মূল্যক৷ সেই গৌৰৱময় যাত্রাই ২০০ বছৰ অতিক্রম কৰিলে৷ দেখাত সাধাৰণ যেন লাগিলেও ২০০ বছৰীয়া গৌৰৱময় যাত্রাই অসমৰ চাহক বিশ্ববাসীৰ সন্মুখত এক বিশেষ চিনাকি দিবলৈ সক্ষম হৈছে৷ অসমৰ চাহৰ এই গৌৰৱময় ২০০ বছৰীয়া যাত্রাক সোঁৱৰণ কৰি কেন্দ্রীয় চৰকাৰৰ বাণিজ্য, উদ্যোগ, ৰাজহুৱা উদ্যোগ মন্ত্রালয়ৰ অধীনত চাহ ব’ৰ্ড ইণ্ডিয়া, অসম চৰকাৰৰ উদ্যোগত তথা টোকলাই চাহ গৱেষণা সংস্থাৰ সহযোগত আজিৰ পৰা ৩০ জানুৱাৰীলৈকে দুদিনীয়া কার্যসূচীৰে মহানগৰীৰ ৰেডিছন ব্লু হোটেলত অনুষ্ঠিত হ’ব দ্বিশতবার্ষিকী অসম চাহ আন্তঃৰাষ্ট্রীয় সন্মিলন ২০২৪৷ এই কথা সদৰী কৰিছে চাহ ব’ৰ্ড ইণ্ডিয়াৰ কার্যবাহী সঞ্চালক অৰুণিতা ফুকন যাদৱ আৰু চাহ উন্নয়নৰ উপ-সঞ্চালক কমল চন্দ্র বৈশ্যই৷ বিষয়াদ্বয়ে সংবাদ মেলত সদৰী কৰা মতে, সন্মিলনখনত অসমৰ ক্ষুদ্র চাহ খেতিয়কসকলে অনা বৈপ্লৱিক পৰিৱর্তন, জলবায়ু পৰিৱর্তন, স্থিৰতা, নতুন প্রযুক্তি উদ্ভাৱন আৰু নতুন ভৌগোলিক ক্ষেত্রৰ ভাৰতীয় চাহৰ প্রসাৰৰ দৰে বিষয়সমূহ সন্দর্ভত আলোচনা কৰা হ’ব৷ অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য মন্ত্রী বিমল বড়াই কাইলৈ সন্মিলনখন মুকলি কৰিব৷ উল্লেখ্য যে উক্ত সন্মিলনত ভাৰতবর্ষৰ লগতে বিশ্বৰ ২৪খন দেশৰ ৪০০জনতকৈও অধিক প্রতিনিধিয়ে অংশগ্রহণ কৰিব৷ কার্যবাহী সঞ্চালক অৰুণিতা ফুকন যাদৱে কয় যে সন্মিলনত অসমৰ চাহৰ বাণিজ্যিক ব্যৱসায়িক দিশটোৰ লগতে নতুন প্রজন্মৰ মাজত চাহক এটা ট্রেণ্ডিং পানীয় হিচাপে কিদৰে পুনৰ স্থাপন কৰিব পাৰি সেয়া আলোচনা কৰা হ’ব৷ তদুপৰি অসমৰ ক্ষুদ্র চাহ খেতিয়কসকলে অনা বিপ্লৱক লৈও সন্মিলনত বিশেষভাৱে আলোচনা হ’ব৷ ব্রেণ্ডগুৰু হৰিশ বিজুৰ, চালুজা চায়োছৰ প্রতিষ্ঠাপক নীতিন চালুজা, চাংহাইৰ ৱানলিন টীৰ জেমছ গ্রেলেণ্ড, এফএ’ ৰোমৰ দানেশ্বৰেশ্বৰ পুনিথ, বুমিত্রাৰ প্রতিষ্ঠাপক গণেশ বাবু, কানাডা চাহ সংস্থাৰ সভাপতি শ্বৱনম ৱেবাৰ, অষ্ট্রেলিয়ান চাহ সংস্থাৰ অধ্যক্ষ শ্বাৰিন জনষ্টন, টিচিএছৰ ড০ ছানাত চাৰংগী, দক্ষিণ কোৰিয়াৰ ট্রয় কিম আৰু থমাছ প্রমুখ্যে কেইবাজনো বিশিষ্ট বক্তাই সন্মিলনখনত অংশগ্রহণ কৰিব৷ সন্মিলনৰ পাছতে ৩১ জানুৱাৰীৰ পৰা ২ ফেব্রুৱাৰীলৈ ৰেডিছন ব্লু হোটেলতে চাহ সন্দর্ভত এফএ’ আন্তঃচৰকাৰী গোটৰ ২৫সংখ্যক অধিৱেশনখনো অনুষ্ঠিত হ’ব৷ উক্ত অধিৱেশনত ২৫খন দেশৰ ১২০জনতকৈও অধিক প্রতিনিধিৰ আগমন ঘটিব বুলি কার্যবাহী সঞ্চালক অৰুণিতা ফুকন যাদৱে লগতে কয়৷

You might also like