চৰকাৰী হাস্পতালত কনিষ্ঠ চিকিৎসকক ধ*র্ষ*ণ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ জানুৱাৰীঃ পশ্চিমবংগৰ আৰজি কৰ মেডিকেল কলেজ হাস্পতালত মহিলা চিকিৎসকক ধর্ষণ আৰু হত্যাৰ ঘটনাৰ স্মৃতি এতিয়াও সজীৱ হৈ আছে দেশবাসীৰ অন্তৰত৷ ইয়াৰ মাজতে এইবাৰ মধ্যপ্রদেশৰ গোৱালিয়ৰৰ চৰকাৰী মেডিকেল কলেজ হাস্পতালত এগৰাকী কনিষ্ঠ চিকিৎসকক ধর্ষণৰ অভিযোগ উঠিছে৷ সহকর্মীৰ হাতত এই চিকিৎসকগৰাকী ধর্ষিতা হ’বলগীয়া হয় বুলি সংবাদ মাধ্যমৰ সূত্রই সদৰী কৰিছে৷ ইতিমধ্যে ঘটনাক কেন্দ্র কৰি সমগ্র ৰাজ্যখনত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ৷ গোৱালিয়ৰৰ চৰকাৰী মেডিকেল কলেজৰ এটা পৰিত্যক্ত হোষ্টেলত সংঘটিত হৈছে এই পাশৱিক ঘটনা৷ নির্যাতিতা আৰু অভিযুক্ত দুয়োৰে বয়স ২৫ বছৰ৷ গোৱালিয়ৰ আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে নির্যাতিতাই৷ ইতিমধ্যে অভিযুক্তক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷