নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগনাৰ ‘ইমাৰজেঞ্চী’ ছবিৰ মুক্তিক লৈ অনিশ্চয়তা

🔹 চিবিএফচিক নির্দেশ নিদিলে হাইক’র্টে

নিউজ ডেস্ক, ৫ ছেপ্টেম্বৰ : ইন্দিৰা গান্ধীৰ জীৱনী নির্ভৰ চলচ্চিত্র ‘ইমাৰজেঞ্চী’ৰ মুক্তিক লৈ সমস্যাৰ সমাধান দিব নোৱাৰিলে বোম্বাই উচ্চ ন্যায়ালয়ে৷ সকলো আইনী জটিলতা অতিক্রম কৰি যাতে ছবিখনে শীঘ্রে মুক্তি লাভ কৰিব পাৰে, সেই বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰি ছবিখনৰ নির্মাতাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল৷ আদালতক অনুৰোধ জনোৱা হৈছিল যে কেন্দ্রীয় ফিল্ম চার্টিফিকেচন পৰিষদ বা চিবিএফচিক ছবিখনৰ মুক্তিৰ বাবে অনুমতি–পত্র দিয়াৰ নির্দেশ দিব লাগে৷ কিন্তু উচ্চ ন্যায়ালয়ে এইক্ষেত্রত কোনোধৰণৰ নির্দেশ নিদিলে৷ বৰঞ্চ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে জনায় যে ছবিখনক লৈ মধ্যপ্রদেশ হাইক’র্টে যি নির্দেশ দিছে সেই নির্দেশক অৱজ্ঞা কৰিব পৰা নাযায়৷ অৱশ্যে চিবিএফচিক বোম্বাই উচ্চ ন্যায়ালয়ে নির্দেশ দিছে যে আগন্তুক দুসপ্তাহৰ ভিতৰত অর্থাৎ ১৮ ছেপ্টেম্বৰৰ ভিতৰত ‘ইমাৰজেঞ্চী’ৰ মুক্তিৰ বাবে অনুমতি–পত্র প্রদানক লৈ সিদ্ধান্ত চূড়ান্ত কৰিব লাগিব৷ দেশৰ প্রাক্তন প্রধানমন্ত্রী ইন্দিৰা গান্ধীৰ জীৱনক লৈ ছবিখন নির্মাণ কৰিছে অভিনেত্রী তথা বিজেপিৰ সাংসদ কংগনা ৰাণাৱটে৷ ছবিখন পৰিচালনা কৰাৰ উপৰি মুখ্য চৰিত্র ইন্দিৰাৰ ভূমিকাত অভিনয়ো কৰিছে কংগনাই৷ ৬ ছেপ্টেম্বৰত ছবিখনে মুক্তি লাভ কৰাৰ কথা আছিল৷ কিন্তু তাৰ পূর্বে শিখ সম্প্রদায়ৰ অভিযোগক লৈ আৰম্ভ হৈছে বিতর্ক৷

You might also like