নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেৰালামলৈ সলনি হ’ব কেৰালা : নাম পৰিৱর্তনৰ প্রস্তাৱ বিধানসভাত

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ জুনঃ দক্ষিণৰ ৰাজ্য কেৰালাৰ নাম সলনি হ’ব৷ নতুন নাম হ’ব ‘কেৰালাম’৷ কালি ৰাজ্যখনৰ বিধানসভাত এই প্রস্তাৱ গৃহীত হৈছে৷ প্রায় এবছৰ পূর্বেই কেৰালা বিধানসভাত সর্বসন্মতক্রমে ৰাজ্যৰ নাম সলনিৰ প্রস্তাৱ গৃহীত হৈছিল৷ তাৰ পিছত কেন্দ্রীয় চৰকাৰক সংবিধান সংশোধনীৰে কেৰালাৰ নাম সলনিৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আবেদন জনোৱা হয়৷ নাম সলনিৰ বাবে সংবিধান সংশোধনীৰ প্রস্তাৱ কালি বিধানসভাত গৃহীত কৰা হৈছে৷ এই প্রস্তাৱত অৱশ্যে পূর্বৰ প্রস্তাৱতকৈ সামান্য সংশোধন ঘটোৱা হৈছে৷ কেন্দ্রীয় চৰকাৰে যি সংশোধন কৰিবলৈ কৈছিল, সেই সংশোধনেই কৰা হৈছে বুলি ৰাজ্যখনৰ সংবাদ মাধ্যমে সদৰী কৰিছে৷ উল্লেখনীয় যে মালয়ালম ভাষাত ৰাজ্যখনৰ নাম ‘কেৰালাম’, কিন্তু অন্যান্য ভাষাত ৰাজ্যখনৰ নাম ‘কেৰল’ বা ‘কেৰালা’৷ নতুন প্রস্তাৱ অনুসৰি সকলো ভাষাতেই ৰাজ্যখনক ‘কেৰালাম’ বুলি কোৱা হ’ব৷ কালি মুখ্যমন্ত্রী পিনাৰায়ি বিজয়নে উল্লেখ কৰে যে সংবিধানৰ তৃতীয় অনুচ্ছেদ অনুসৰি ৰাজ্যৰ নাম সলনিৰ বাবে চৰকাৰীভাৱে প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিব লাগিব৷ সংবিধানৰ প্রথম অনুসূচীত কেৰালাৰ নাম সলনি কৰি ‘কেৰালাম’ কৰাৰ দাবী জনাইছে ৰাজ্য চৰকাৰে৷ বিধানসভাৰ সদস্যসকলেও নাম সলনিৰ প্রস্তাৱত সহমত পোষণ কৰিছে৷

You might also like